Taj Mahal : দৈনিক নামাজ বন্ধ তাজত ,চাৰি জনক গ্ৰেপ্তাৰ

1653573762 taj mahal

তাজমহল চৌহদৰ শ্বাহি মছজিদত নামাজ পঢ়াৰ অভিযোগত বুধবাৰে চাৰিজন পৰ্যটকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । তেওঁলোকৰ বিৰুদ্ধে সংঘৰ্ষৰ উচতনিৰ বাবে গোচৰ ৰুজু কৰিছে ।

তাজমহলৰ ইন্তেজামিয়া সমিতিৰ মুৰব্বী ইব্ৰাহিম জৈদীয়ে কয়, “আগতে মানুহে তাজমহলত নামাজ পঢ়িব পাৰিছিল। কিন্তু এতিয়া এএছআইয়ে কেৱল শুক্ৰবাৰৰ নামাজ পঢ়াৰ অনুমতি দিয়ে। “

ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)ৰ আগ্ৰা চক্ৰৰ অধীক্ষক পুৰাতত্ত্ববিদ ৰাজকুমাৰ পেটেলে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তাজ কমপ্লেক্সত প্ৰাৰ্থনা বন্ধ কৰা হৈছে বুলি দাবী কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

জৈদীয়ে অভিযোগ , কিছুমান পৰ্যটক তাজ দৰ্শন কৰিবলৈ আহিছিল,আৰু তেওঁলোকে তাতে নামাজ পঢ়িবলৈ বহিলে । তেতিয়াই চিআইএছএফে তেওঁলোকক আৰক্ষীৰ হাতত গতাই দিয়ে।

তেওঁ কয়, “তাজমহলত দৈনিক নামাজ পঢ়াটো প্ৰথা আছিল । কিন্তু কেইদিনৰ আগতে, এএছআইয়ে জনাই, নামাজ পঢ়াৰ অনুমতি নাই। এএছআইয়ে দাবী কৰিছিল যে উচ্চতম ন্যায়ালয়ে কেৱল শুক্ৰবাৰে প্ৰাৰ্থনাৰ অনুমতি দিছে। ”

সূত্ৰ অনুসৰি, বুধবাৰে আবেলি চিআইএছএফৰ জোৱানসকলে চাৰিজন লোকক নামাজ কৰিবলৈ বহি থকা দেখিছিল। যেতিয়া চি.আই.এছ.এফ.-এ তেওঁলোকক ধৰিলে, দুয়ো পলাই যাবলৈ চেষ্টা কৰে ।

তথ্য অনুসৰি অভিযুক্তসকলৰ ভিতৰত চাৰিজন হায়দৰাবাদৰ বাসিন্দা। এজন আজমগড়ত বাস কৰে।

জৈদীৰ অভিযোগক ভিত্তিহীন বুলি দাবী কৰি এএছআই বিষয়াসকলৰ প্ৰতিবাদ, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তাজৰ চৌহদত নামাজ বন্ধ কৰা হৈছে । তেওঁ দাবী কৰিছিল যে শীৰ্ষ ন্যায়ালয়ে কেৱল শুক্ৰবাৰে তাজমহলত নামাজ পঢ়িবলৈ অনুমতি দিছিল। কেৱল

কেৱল তাজগঞ্জৰ বাসিন্দাসকলেহে দুপৰীয়া ১২ বজাৰ পৰা দুই বজালৈ নামাজত অংশ গ্ৰহণ কৰিব পাৰে। দৰাচলতে, তাজমহল সেই অঞ্চলৰ অন্তৰ্গত।

Exit mobile version