মূত্ৰ আৰু নৰ্দমাৰ পানীৰ পৰা তৈয়াৰ হৈছে বীয়েৰ ! জানেনে সুৰাপ্ৰেমীসকলে ?

Beer

কিছুদিন আগতে, বিয়েৰ বিক্ৰীত সৰ্বকালৰ অভিলেখ গঢ়িছিল দেশত । যাৰ পৰা এইটো স্পষ্ট যে সুৰাপ্ৰেমীসকলৰ এটা ডাঙৰ অংশ বীয়েৰৰ অনুৰাগী। কিন্তু চকু কপালত উঠিব ছিংগাপুৰৰ এজন বিয়েৰ নিৰ্মাতাৰ বীয়েৰৰ বিষয়ে শুনিলে।

‘নিউব্ৰু’ নামৰ কোম্পানীটোৱে দাবী কৰিছে যে এই বীয়েৰ আটাইতকৈ “পৰিৱেশ-অনুকূল” বিয়েৰ। কিন্তু এইটো তৈয়াৰ কৰা হৈছে নৰ্দমা আৰু মূত্ৰ বিশুদ্ধ কৰি !

কিন্তু কিয়? কিয় এনে উপাদানেৰে বিয়েৰ বনোৱাৰ পৰিকল্পনা কৰিলে এই কোম্পানীটোৱে ? তথ্য অনুসৰি পৃথিৱীৰ পানীৰ সংকট কেবাবছৰমানৰ ভিতৰতে গুৰুতৰ হ’বলৈ গৈ আছে। যিটো পৰৱৰ্ত্তী সময়ত আৰু বৃদ্ধি হ’ব।

ছিংগাপুৰত খোৱা পানীৰ সমস্যাও দিনক দিনে বাঢ়ি আহিছে। বীয়েৰৰ ৯০% হৈছে পানী। এই পৰিস্থিতিত পানীৰ সংৰক্ষণ আৰু পুনৰ্ব্যৱহাৰৰ প্ৰয়োজন আছে। আৰু সেই কথা মনত ৰাখি, বীয়েৰ কোম্পানীয়ে এনে পৰিকল্পনা কৰিছে।

তেওঁলোকে নিউটাৰ নামৰ এটা জলীয় সামগ্ৰীৰে বীয়েৰ তৈয়াৰ কৰি আছে। এই উপাদান পোৱা গৈছে নৰ্দমাৰ পানীক বিশুদ্ধ কৰি । সকলোকে সচেতন কৰিবলৈ এনে অভিনৱ ধাৰণা।

অৱশ্যে, কোম্পানীটোৱে দাবী কৰে যে ইয়াক কেৱল এক কঠোৰ পৰীক্ষা আৰু কেবাটাও পৰ্যায়ৰ পৰিশোধনৰ পিছতহে ব্যৱহাৰ কৰা হয়। যিটো পানীয় হিচাপে সম্পূৰ্ণ সুৰক্ষিত। এক আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, পানী তেতিয়া “অলট্ৰা ক্লিন ” হৈ পৰে । এই বীয়েৰটো ছিংগাপুৰত বিক্ৰী কৰা হৈছে।

অৱশ্যে, এইটো ছিংগাপুৰৰ প্ৰথম কোম্পানী নহয়। ইয়াৰ আগতেও, ‘বিশুদ্ধ’ পানীৰে বীয়েৰ তৈয়াৰ কৰা হৈছিল। আমেৰিকা চান ডিয়েগোৰ এটা বীয়েৰ কোম্পানীয়ে ২০৭ চনত এনে ধৰণৰ বীয়েৰ প্ৰস্তুত কৰিছিল। ইয়াৰ উপৰিও, বাকী থকা খাদ্যৰ পৰাও বীয়েৰ তৈয়াৰ কৰা হয়।

এটা কোম্পানীয়ে ৰুটি আৰু অন্যান্য খাদ্য সামগ্ৰীৰ আৱৰ্জনা ফিল্টাৰ কৰি বীয়েৰ প্ৰস্তুত কৰিছিল।

Exit mobile version