বৰপেটা জিলাৰ মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ছুনপুৰা বাজাৰ প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই অসম চৰকাৰৰ শিক্ষা বিভাগৰ পয়ালগা ছবি উদঙাইছে ৷
ADVERTISEMENT
কুকুৰাৰ গৰাল সদৃশ এচলীয়া চালিৰ তলত কৰিবলগীয়া হৈছে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান ৷ ২০২০-২১ বৰ্ষত বিদ্যালয় খনে অতিৰিক্ত শ্ৰেণী কোঠা বনোৱাৰ বাবদ পাঁচ লাখ টকা আবন্টন পায় যদিও, তাৰে এটা কিস্তিৰ এক লাখ ৭৫ হেজাৰ টকা আজিও নোপোৱাৰ কাৰণে নিৰ্মাণৰ কাম আধৰোৱা হৈ থকা বুলি জানিবলৈ দিয়ে বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিপু ওঁজাই ৷ যাৰ ফলত ৰ’দ-বৰষুণ, বতাহ-ধুমুহাৰ মাজতেই শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে অবুজ ছাত্ৰ-ছাত্ৰীয়ে ৷