Coronavirus:দেশত বৃদ্ধি পাইছে ক’ভিডৰ সক্ৰিয় ৰোগীৰ সংখ্যা ,উদ্বেগ বৃদ্ধি কৰিছে কেৰালাই

Covid kerala 3

দিল্লী, মহাৰাষ্ট্ৰ আৰু তাৰ পাছ কেৰালা। নতুনকৈ দক্ষিণৰ ৰাজ্যখনত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কৰ’না সংক্ৰমণ । বিগত ২৪ ঘণ্টাত, কেৰালাত ৮৭৯ জন লোক কৰো’নাত আক্ৰান্ত হৈছে।

মহাৰাষ্ট্ৰ আৰু দিল্লীত আক্ৰান্ত ৫২৯ আৰু ৪৪২ জন লোক । যাৰ ফলত দেশৰ সামগ্ৰিক কৰ’না পৰিসংখ্যাও বৃদ্ধি পাইছে। একে সময়তে, দৈনিক সংক্ৰমণ আৰু সক্ৰিয় ৰোগী বৃদ্ধি হৈ আছে। দেশৰ ইতিবাচকতাৰ হাৰও আজি ০.৬০ শতাংশলৈ বৃদ্ধি পাইছে।সেইটো অতি চিন্তনীয় ।

দেওবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশখনত ২,৮২৮ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। যিটো আগৰ দিনৰ তুলনাত সামান্য বেছি। বৰ্তমান, দেশত কৰ’নাৰ সক্ৰিয় আক্ৰান্ত ৰোগীৰ ১৭ হেজাৰ ৮৭ জন । যিটো কালিতকৈ বহুত বেছি।

দেশত সক্ৰিয় কেছৰ হাৰ বৰ্তমান ০.০৪ শতাংশ। প্ৰতিবেদন অনুসৰি, এদিনত কৰ’নাত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে। যিটো আগৰ দিনতকৈ অলপ কম। এতিয়ালৈকে দেশত মুঠ ক’ভিড মৃত্যুৰ সংখ্যা হৈছে পাঁচ লাখ ২৪ হেজাৰ ৫৮৬ জন।

কৰ’নাৰ দৈনিক আক্ৰান্তৰ সংখ্যা চিন্তনীয় হ’লেও , দেশত সুস্থতাৰ হাৰ আৰামদায়ক। পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত চাৰি কোটি ২৬ লাখ ১১ হেজাৰ ৩৭০ জন লোকক কৰ’নাৰ পৰা সুস্থ হৈছে। ইয়াৰ ভিতৰত, যোৱা ২৪ ঘণ্টাত দুহেজাৰ ২৫ জন লোক কৰ’নাৰ পৰা সুস্থ হৈছে। সুস্থতাৰ হাৰ ৯৮.৭৪ শতাংশ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, দেশত এতিয়ালৈকে ১৯৩ কোটি ২৮ লাখৰো অধিক কৰ’না ভেকছিনৰ পালি প্ৰদান কৰা হৈছে।

Exit mobile version