সন্ত্ৰাসবাদী বিৰুদ্ধে বৃহৎ সাফল্য কাশ্মীৰত, আৰক্ষীৰ গুলিত নিহত দুই সন্ত্ৰাসবাদী

kashmir getty

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজত এক বৃহৎ সাফল্য কাশ্মীৰত (Jammu and Kashmir)। পুলৱামাৰ গুণ্ডিপোৰা গাঁৱত নিহত হয় দুই উগ্ৰপন্থী ।

উগ্ৰপন্থীসকল গাঁওখনত লুকাই আছিল বুলি চোৰাংচোৱা বিভাগে তথ্য লাভ কৰিছিল । তাৰ পাছত, সেনা আৰু অৰ্ধসামৰিক বাহিনীয়ে কাশ্মীৰ আৰক্ষীৰ স’তে এক যুটীয়া অভিযান আৰম্ভ কৰে ।

দেওবাৰে নিশা দুজন উগ্ৰপন্থীক গুলীয়াই হত্যা কৰা হয় । তথ্য অনুসৰি কিছুদিনৰ আগতে এজন আৰক্ষীক তেওঁৰ ঘৰৰ সন্মুখত এজন সন্ত্ৰাসবাদীয়ে হত্যা কৰে ।

দেওবাৰে, গুণ্ডিপোৰা গাঁৱত দুজন সন্ত্ৰাসবাদী লুকাই থকাৰ তথ্য পোৱা যায় । কুলগাম আৰক্ষীৰ পৰা তথ্য পোৱাৰ পাছত, যুটীয়া বাহিনীয়ে গাঁওখন আৱৰি ধৰে ।

সন্ত্ৰাসবাদীসকলে বাহিনীক বাধা দিবলৈ গুলীবৰ্ষণ আৰম্ভ কৰে । তেতিয়াই যুটীয়া বাহিনীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয় । দুয়োপক্ষৰ মাজত গোটেই নিশা বন্দুকযুদ্ধ অব্যাহত থাকে ।

কাশ্মীৰ আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে পুৱতি নিশা গুলীচালনা সমাপ্ত হয় । দুজন সন্ত্ৰাসবাদীক মৃত অৱস্থাত পোৱা যায় ।

উগ্ৰপন্থী দুজনৰ মৃতদেহৰ উপৰিও দুটা একে-৪৭ ৰাইফলো উদ্ধাৰ কৰা হয় । কাশ্মীৰ আৰক্ষীৰ আইজি বিজয় কুমাৰে জনাই যে এনকাউণ্টাৰটোত দুজন জৈশ-ই-মহম্মদ সন্ত্ৰাসবাদী নিহত হয় ।

তেওঁলোকৰ এজনৰ নাম আবিদ শ্বাহ । আবিদে ১৩ মে’ত আৰক্ষী কনিষ্টবল ৰিয়াজ আহমেদ ঠাক্কাৰক হত্যা কৰে । ৰিয়াজক সন্ত্ৰাসবাদীয়ে তেওঁৰ ঘৰৰ সন্মুখত গুলীয়াই হত্যা কৰে। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় কিন্তু ৰক্ষা কৰিব পৰা নগ’ল ।

কালি, বিস্ফোৰক সামগ্ৰী থকা এখন পাকিস্তানী ড্ৰ’ন কাশ্মীৰলৈ উৰা মাৰিছিল । কাশ্মীৰ আৰক্ষীয়ে ড্ৰ’নটো গুলীবৰ্ষণ কৰিছিল । যোৱা সপ্তাহত, বাৰামুলাত তিনিজন সন্ত্ৰাসবাদী নিহত হৈছিল । সংঘৰ্ষটোত এজন আৰক্ষীও ছহিদ হৈছিল ।

অমৰনাথ যাত্ৰা ৩০ জুনৰ পৰা আৰম্ভ হ’ব। কে’বাটাও সন্ত্ৰাসবাদী সংগঠনে তাত আক্ৰমণ কৰাৰ ভাবুকি দিছে । স্থানীয় প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰিবলৈ ব্যাকুল হৈ পৰিছে ।

Exit mobile version