KK Death : জনপ্ৰিয় সংগীত শিল্পী কেকে-ক গান ছেল্যুটেৰে বিদায়

singer kk death babul supriyo 1654046789273 1654046789510

সংগীতশিল্পী কেকে-ৰ আকস্মিক মৃত্যুত শোকস্তব্ধ সমগ্ৰ ভাৰত । টুইটাৰত শোকপ্রকাশ কৰিলে মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে । তেওঁ শিল্পীৰ পৰিয়ালক সমবেদনা জনাইছে । লগতে জনালে দমদমত গান ছেল্যুট দিয়া হ’ব প্রয়াত বলিউড শিল্পীগৰাকীক । মুখ্যমন্ত্রীয়ে আৰু জনায়, কলকাতাৰ পৰা শিল্পীগৰাকীৰ নশ্বৰ দেহ তেওঁৰ পৰিয়ালক গোটোৱাৰ প্ৰস্তুতি চলাইছে প্রশাসনে ।

বুধবাৰে বাঁকুৰাৰ কর্মীসভাৰ পৰা মমতাই কয়, ‘‘কেকে-ৰ পত্নীৰ স’তে ম‌ই ফোনত কথা পাতিছো । ম‌ই চেষ্টা কৰিছো অন্তত যদি শেষবাৰ দেখা হয় । যদি বতৰ ভালে থাকে অণ্ডালৰ পৰা বিমানত দমদম যাম । তাত আমি তেওঁৰ স্মৃতিৰ উদ্দেশ্যে আৰক্ষীক গান ছেল্যুট কৰাম । কাৰণ তেওঁ এজন কৃতী শিল্পী আৰু যুৱপ্ৰজন্মৰ অতি প্রিয় । বলিউডৰ পৰা টলিউড সকলোতে তেওঁ অতি জনপ্রিয় আছিল । তেওঁৰ বহু জনপ্ৰিয় গীত আছে । সেয়ে বৈঠকটো ম‌ই সংক্ষিপ্ত কৰিবলগীয়া হৈছে ।’’

টুইটাৰত মুখ্যমন্ত্রীগৰাকীয়ে লিখে, ‘বলিউড প্লেবৈক গায়ক কেকে-ৰ আকস্মিক আৰু অকাল মৃত্যুত আমি হতচকিত আৰু মর্মাহত । মোৰ সহকর্মীসকলে কালি (মঙলবাৰে) নিশাৰ পৰা কাম কৰিছে, যাতে প্রয়োজনীয় আনুষ্ঠানিকতা, আচাৰ-অনুষ্ঠান মানি কাম হয় । শিল্পীৰ পৰিয়ালক সমস্ত প্রয়োজনীয় সহায়তা দিয়া হৈছে । তেওঁৰ পৰিয়ালক গভীৰ সমবেদনা জনাইছো ।’

তথ্য অনুসৰি, ইতিমধ্যে কেকে-ৰ পত্নী আৰু পুত্ৰ কলকাতাত উপস্থিত হৈছে । উল্লেখ্য, কলকাতাত গীতৰ অনুষ্ঠান কৰিবলৈ আহিছিল কেকেয়ে । গুৰুদাস কলেজৰ অনুষ্ঠানত মঞ্চত গীত গোৱাৰ পাছত হোটেলত গৈ তেওঁ অসুস্থ হৈ পৰে । ততাতৈয়াকৈ তেওঁক হাস্পাতালত ভর্তি কৰা হয় যদিও চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে । শিল্পীৰ অকালপ্রয়াণত শোকস্তব্ধ সমগ্ৰ দেশ । বলিউডৰ উপৰিও, ৰাজনৈতিক ব্যক্তিত্বসকলেও কেকে-ৰ অকাল মৃত্যুত মর্মাহত । টুইটাৰত শোকপ্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদী, কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে ।

Exit mobile version