কৰ্কট নামক মাৰণব্যাধি কিন্তু মহামাৰীতকৈ কোনো অংশত কম নহয় । বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুযায়ী, বিশ্বজুৰি মৃত্যুৰ দ্বিতীয় বৃহত্তম কাৰণ এই ৰোগ । অৱশ্যে এই মাৰণৰোগৰ উপসর্গ সম্পর্কে এতিয়াও সম্যক ধাৰণা সাধাৰণ মানুহৰ মাজত কম । বিশেষকৈ, কৰ্কটৰ ধৰণ যদি বিৰল প্রকৃতিৰ হয়, তেতিয়া বহুদিন পর্যন্ত বুজিব পৰা নাযায় উপসর্গবোৰৰ গুৰুত্ব । ফলত চিকিৎসাৰ সময় পাৰ হৈ যায় ।
এইবাৰ কৰ্কটৰ বিৰুদ্ধে যুঁজ কিছু হ’লেও সহজ হ’ব শ। ‘ডষ্টাৰলিমেব’ নামক এই নতুন ঔষধৰ পৰীক্ষামূলক প্রয়োগৰ পাছত আশাবাদী গৱেষকৰ একাংশ । আমেৰিকাত এটা পৰীক্ষাগাৰত প্রস্তুত ‘ডষ্টাৰলিমেব’ নামক ঔষধবিধ মানৱদেহত উৎপন্ন হোৱা এন্টিবডিৰ বিকল্প হিচাপে কাম কৰিব । পৰীক্ষামূলকভাৱে প্ৰায় ছমাহ ধৰি ১৮ জন মলদ্বাৰৰ কৰ্কট ৰোগত আক্রান্ত ব্যক্তিৰ দেহত এই ঔষধবিধ প্রয়োগ কৰে গৱেষকসকলে । পৰীক্ষাৰ অন্তত দেখা যায়, প্রত্যেক ৰোগীৰ শৰীৰ পৰাই সম্পূৰ্ণ নিশ্চিহ্ন হৈ গৈছে কৰ্কট ! এই খবৰ প্ৰকাশ্যত অহাৰ পাছতে চিকিৎসক মহলত হৈ চৈ আৰম্ভ হৈছে ।
‘ডষ্টাৰলিমেব’-ৰ খুটি-নাটি
১) ক্লিনিকেল ট্রায়েলত অংশগ্রণ কৰা ১৮ জন ৰোগীয়ে, মার্কিন যুক্তৰাষ্ট্রৰ মেনহেটনৰ মেম’ৰিয়েল শ্ল’ন কেটাৰিং কেন্সাৰ চেণ্টাৰত মলদ্বাৰৰ কেন্সাৰৰ বিৰুদ্ধে যুঁজ দি আছিল ।
২) যিসকল ৰোগীৰ ওপৰত গৱেষণা চলোৱা হৈছে, তেওঁলোকৰ সকলৰোৰে শৰীৰত কেৱল মলদ্বাৰ আৰু তাৰ চাৰিওপাশে লসিকাগ্রন্থিতেই কেন্সাৰ বিয়পি পৰে । শৰীৰৰ আৰু কোনো অংশত এই ৰোগৰ বিস্তাৰ ঘটা নাছিল ।
৩) ঔষধবিধ ছয় মাহ ধৰি প্রতি তিনি সপ্তাহৰ ব্যৱধানত নির্ধাৰিত মাত্রাত ৰোগীসকলক দিয়া হৈছিল ।
৪) গৱেষকসকলে প্রথমে ভাবিছিল, এই ঔষধ প্রয়োগৰ পাছতো ৰোগীসকলে হয়তো অস্ত্রোপচাৰ, কেম’থেৰাপি আৰু ৰেডিয়েছনৰ দৰে প্রথাগত চিকিৎসা পদ্ধতিৰ প্রয়োজন হ’ব । কিন্তু এতিয়া তেওঁলোকক এই সমূহ চিকিৎসাৰ কোনো প্রয়োজন নাই । এণ্ডোস্কোপি, পিইটি স্কেন আৰু এমআৰআই স্কেনৰ মাধ্যমত তেওঁলোকে সেই ১৮ জন ৰোগীৰ শৰীৰত কেন্সাৰ সম্পূর্ণৰূপে নিৰাময় হোৱা প্ৰত্যক্ষ কৰে ।
৫) বিদেশী সংবাদপত্র ‘নিউইয়র্ক টাইমছ’-ৰ তথ্য অনুযায়ী, ‘ডষ্টাৰলিমেব’ ঔষধৰ প্রতি ড’জৰ দাম প্রায় ১১,০০০ ডলাৰ (ভাৰতীয় মূল্যত প্রায় ৮,৫৫,০০০ টকা) ।
৬) ক্লিনিকেল ট্রায়েল শেষ হোৱাৰ ২৫ মাহ পাছত ৰোগীসকলৰ পুনৰ পৰীক্ষা কৰা হয় । তেতিয়াও তেওঁলোকৰ শৰীৰত কোনো ধৰণৰ অস্বস্তিবোধ তথা কেন্সাৰ কোষৰ সন্ধান পোৱা নাযায় ।
এনে ঘটনা কৰ্কট ৰোগৰ ইতিহাসত এয়ে প্রথম । একেই মতামত পোষণ কৰিছে কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলেও । ভৱিষ্যতে আৰু বৃহত্তৰ ট্রায়েলত ঔষধবিধে কেনে ফলাফল দেখুৱায়, তাৰ প্ৰতি লক্ষ্য বিশেষজ্ঞসকলৰ ।