Chhattisgarh Borewell : ১১০ ঘণ্টা ধৰি কুঁৱাত আবদ্ধ, চাৰি দিনৰ অভিযানৰ অন্তত উদ্ধাৰ ১১ বছৰীয়া ৰাহুল

1655263832 borewell

প্রায় চাৰি দিন ধৰি আবদ্ধ হৈ থকাৰ পাছত কুঁৱাৰ টৰা উদ্ধাৰ কৰা হ’ল ১১ বছৰীয়া ৰাহুল সাহুক । শুকুৰবাৰে চত্তীছগঢ়ৰ পিহৰিদ গাঁৱত ৮০ ফুট গভীৰ এটা কুঁৱাত পৰি যায় ল’ৰাজন । ইয়াৰ পাছৰ পৰাই কিশোৰটিক উদ্ধাৰ কৰিবৰ বাবে উঠি পৰি লাগে উদ্ধাৰকর্মীসকল । প্ৰায় ১১০ ঘণ্টা অভিযান চলাই কিশোৰটিক মঙলবাৰে নিশা উদ্ধাৰ কৰা হয় ।

স্থানীয় সূত্রে খবৰ, শুকুৰবাৰে খেলি থাকোতে মালখাৰোদা ব্লকৰ পিহৰিদ গাঁৱত ঘৰৰ পাছফালৰ এটা কুঁৱাত পৰি যায় ৰাহুল । কিশোৰটিক জীয়াই ৰাখিবলৈ শীঘ্রে অক্সিজেন সৰবৰাহৰ বাবে এটা পাইপলাইন তৈয়াৰ কৰি কুঁৱাৰ গভীৰলৈকে দিয়া হৈছিল ।

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ (এনডিআৰএফ), সেনাবাহিনী আৰু স্থানীয় আৰক্ষীসহ প্রায় পাঁচশজনে শুকুৰবাৰে সন্ধিয়াৰ পৰা উদ্ধাৰ কাৰ্য আৰম্ভ কৰে । মঙলবাৰে সন্ধিয়া কিশোৰটিক উদ্ধাৰ কৰা হয় ।

চত্তীছগঢ়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলে টুইট কৰি জনায়, ‘সকলোৰে প্রার্থনা আৰু উদ্ধাৰকর্মীসকলৰ নিৰলস প্রচেষ্টাত ৰাহুলক নিৰাপদে কুঁৱাৰ পৰা ওলিয়াই অনা হৈছে । তেওঁ যেন শীঘ্ৰে সম্পূর্ণভাৱে সুস্থ হৈ উঠে সেয়াই কামনা কৰিলো ।’

Exit mobile version