Monkeypox : ‘মাংকি পক্স’ নামকৰণত বর্ণবিদ্বেষৰ অভিযোগ, নাম পৰিৱৰ্তন কৰিবলৈ দ্রুত পদক্ষেপৰ আশ্বাস হু-ৰ

মাংকি পক্স ভাইৰাছৰ নাম সলনি হ’ব পাৰে । এই বিষয়ত উদ্যোগী বিশ্ব স্বাস্থ্য সংস্থা (হু) । সংস্থাটোৰ তৰফৰ পৰা জনাইছে, বিশেষজ্ঞসকলৰ স’তে আলোচনা কৰি ভাইৰাছৰ নাম, তাৰ দুটা ৰূপৰ নাম আৰু তাৰ পৰা হোৱা ৰোগৰ নামো পৰিৱৰ্তন কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে হু-ৱে । সিদ্ধান্ত চূড়ান্ত হ’লে শীঘ্ৰে মাংকি পক্সৰ নতুন নাম ঘোষণা কৰা হ’ব ।

মঙলবাৰে হু-ৰ ডিৰেক্টৰ জেনেৰেল টেড্রৰ আধানোম গেব্রেইছাছে এই ঘোষণাৰ কিছুদিন আগতেই মাংকি পক্সৰ নামক লৈ আপত্তি দৰ্শাইছিল আন্তর্জাতিক বিজ্ঞানীৰ এটা দলে । তেওঁলোকে জনাইছিল মাংকি পক্স ভাইৰাছ আৰু তাৰ ৰূপবোৰৰ নামত কৰ’বাত নহয় কৰ’বাত বর্ণভেদ প্রকট হৈছে । এই ৰোগৰ নামৰ স’তে বিশেষ এটা মহাদেশৰ নাম জড়িত হৈ যোৱত সেই মহাদেশৰ দেশসমূহে অকাৰণতে কলংকিত হৈছে । এই বৈজ্ঞানিকসকলে আবেদন কৰিছিল এই প্রৱণতা বন্ধ হোৱা প্ৰয়োজন । হু-ৱে যে এই বক্তব্যক যথাযথ গুৰুত্ব দিছে সেয়া এই ঘোষণাত স্পষ্ট ।

মাংকা পক্সৰ নামৰ স’তে আৰম্ভণিৰ পৰাই জড়িত হৈ আছে আফ্রিকাৰ দেশসমূহৰ নাম । কাৰণ এসময়ত এই ভাইৰাছৰ কেৱল আফ্রিকাতেই সংক্ৰমণ হৈছিল । কিন্তু এতিয় সমগ্ৰ বিশ্বৰ ৩৯খন দেশত এই ভাইৰাছ বিয়পিছে বুলি অনুমান কৰিছে বিশেষজ্ঞসকলে । তেওঁলোকে জনাইছে, এতিয়াও যদি পুৰণি নামেৰেই ভাইৰাছবিধক উল্লেখ কৰা হয়, তেন্তে অকাৰণে কেৱল আফ্রিকাক ইয়াৰ বাবে দোষাৰোপ কৰিব অনেকে ।

ইয়াৰ উপৰি হু-ৱে মাংকি পক্সৰ দুটা ৰূপৰ নাম দিছে আফ্রিকাৰ বিশেষ অঞ্চলৰ নামত । এটাৰ নাম পশ্চিম আফ্রিকান ৰূপ অন্যটো হ’ল কংগো অৱবাহিকা বা মধ্য আফ্রিকান ৰূপ । বৈজ্ঞানিকসকলে এই নামক লৈও আপত্তি দৰ্শাইছে ।

Exit mobile version