Agnipath Scheme : অগ্নিপথ-বিক্ষোভত প্রথম প্রাণহানি ছেকেন্দৰাবাদত, আৰক্ষীৰ গুলীত নিহত এক, আহত প্ৰায় ১৫

3b2663f263814c2621a8d2d950e4110a original

অগ্নিপথ বিৰোধী বিক্ষোভত প্রথম মৃত্যু তেলেংগানাত । শুকুৰবাৰে বিয়লি ছেকেন্দৰাবাদ ষ্টেছনত উত্তেজিত বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ গুলী চালনা কৰে আৰক্ষীয়ে । এই ঘটনাত এজন আন্দোলনকাৰীৰ মৃত্যু হৈছে । আহত হৈছে প্ৰায় ১৫ জন ।

শুকুৰবাৰে বিয়লি ছেকেন্দৰাবাদ ষ্টেছনত জুই লগোৱা হয় প্লেটফর্মচ ৰৈ থকা এখন যাত্রীবাহী ৰেলত । আৰক্ষী সূত্রে খবৰ, ষ্টেছন চৌহদত প্ৰৱেশ কৰি আন্দোলনকাৰীসকলে ৰেলত অগ্নিসংযোগ কৰে । সেই সময়ত উত্তেজিত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰায় ১৭ ৰাউণ্ড গুলী চালোৱা হয় । নিহত যুৱকজন তেলংগানাৰ ৱাৰংগল জিলাৰ বাসিন্দা বুলি ছেকেন্দৰাবাদ আৰক্ষীয়ে জনাইছে । আহতসকলৰ ১৩ জনক হাস্পাতালত ভর্তি কৰোৱা হৈছে ।

নৰেন্দ্র মোদী চৰকাৰৰ অগ্নিপথ প্রকল্পৰ বিৰুদ্ধে শুকুৰবাৰে পুৱাৰ পৰাই বিক্ষোভ আৰম্ভ হয় দাক্ষিণাত্যত । ৰাজধানী হায়দৰাবাদ আৰু খম্মাম, নালগোণ্ডাৰ দৰে জিলাত অৱৰোধ হয় । ঘটনাচক্রে, দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত ভাৰতীয় সেনাৰ সৰ্বাধিক তেলুগুভাষীয়েই । ব্রিটিছ শাসনকালত গঠিত মাদ্রাজ ৰেজিমেন্টৰ অন্তর্গত বেটেলিয়নবোৰৰ সেনাৰ বৃহৎ অংশই তেলেংগানা আৰু অন্ধ্রপ্রদেশৰ বাসিন্দা । এই দুই ৰাজ্যৰ যুৱকসকলক দীর্ঘ দিন ধৰি সেনাত যোগদানৰ প্রৱণতা আছে । ফলত আগন্তুক দিনত তায অগ্নিপথ বিৰোধী আন্দোলন আৰু তীব্র হ’ব পাৰে বুলি শংকা কৰা হৈছে ।

মঙলবাৰে অগ্নিপথ প্রকল্পৰ ঘোষণা কৰে কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে । এই প্রকল্পত চাৰে ১৭-২১ বছৰৰ যুৱক-যুৱতীসকলে চাৰি বছৰৰ বাবে মাহিলী ৩০-৪৫ হেজাৰ টকাৰ চুক্তিৰ ভিত্তিত সশস্ত্র বাহিনীৰ তিনি শাখাত (স্থল, নৌ এবং বায়ুসেনা) যোগ দিব পাৰিব । তেওঁলোকক কোৱা হ’ব ‘অগ্নিবীৰ’ ।

সেনাত শূন্যপদ আৰু যোগ্যতাৰ ভিত্তিত চতুর্থ বছৰৰ শেষত সেই বেচত সর্বাধিক ২৫ শতাংশ অগ্নিবীৰক সেনাত অন্তর্ভুক্ত কৰা হ’ব । বাকীসকলক ১১-১২ লাখ টকা দিয়া হ’ব অৱসৰত । পেনছন ব্যৱস্থা নাথাকিব । বহু ৰাজ্যত আন্দোলন আৰম্ভ হোৱাৰ পাছত বৃহস্পতিবাৰে নিশা প্রতিৰক্ষা মন্ত্রণালয়ত যোগদানৰ বয়ঃসীমা এককালীন (কেৱল প্রথমবাৰ নিয়োগৰ ক্ষেত্রত) বঢ়াই ২৩ বছৰ কৰা হৈছে ।

Exit mobile version