COVID Update : দেশত সংক্রমণ ঊর্ধ্বমুখী, ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ১৩ হেজাৰৰ অধিক

20201212205L

বিগত কিছু দিনৰ পৰাই ঊর্ধ্বমুখী কৰ’না সংক্রমণ । যোৱা দুদিনত দেশত ক’ভিডত সংক্রমিতৰ সংখ্যা ১২ হেজাৰৰ ওপৰত থাকিলেও শনিবাৰে এই সংখ্যাই ১৩ হেজাৰ অতিক্ৰম কৰিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্তৰ সংখ্যা বাঢ়ি হৈছে ১৩,২১৬ । শুকুৰবাৰে এই সংখ্যা আছিল ১২,৮৪৭ ।

দেশত এতিয়াও দৈনিক সংক্রমণৰ শীর্ষত মহাৰাষ্ট্র । মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা চাৰি হেজাৰ পাৰ হৈছে । বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রত দৈনিক সংক্রমিতৰ সংখ্যা ৪,১৬৫ । ইয়াৰ পাছতে আছে কেৰালা । কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ৩,১৬২ । কেৰালাৰ পাছত দিল্লী (১,৭৯৭), হাৰিয়ানা (৬৮৯) আৰু কর্নাটক (৬৩৪) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ৮,১৪৮ জন ক’ভিডৰ প্রকোপৰ পৰা সুস্থ হৈ উঠিছে । এই পর্যন্ত দেশজুৰি সুস্থ হৈ উঠিছে চাৰি কোটি ২৬ লাখ ৯০ হেজাৰ ৮৪৫ জন । বর্তমান দেশত সুস্থতাৰ হাৰ ৯৮.৬৩ শতাংশ ।

ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা ২৩ । ইয়াৰে কেৰালাতেই মৃত্যু সর্বোচ্চ । কেৰালাত ক’ভিডত আক্রান্ত হৈ ১৩ জন ব্যক্তিৰ মৃত্যু হৈছে । ইয়াৰ উপৰি মহাৰাষ্ট্রত তিনিজন, কর্নাটকত দুজন আৰু উত্তৰ প্রদেশ, দিল্লী, পঞ্জাৱ আৰু উত্তৰাখণ্ডত এজনকৈ প্রয়াত হৈছে । শুকুৰবাৰে ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা আছিল ১৪ ।

পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৪ হেজাৰ ৮৪০ । বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ ২.৭৩ শতাংশ । সমগ্ৰ দেশত এই পর্যন্ত ১৯৬ কোটি ৪২ হেজাৰ ৭৬৮ টিকাকৰণ হৈছে ।

Exit mobile version