Agnipath : বিক্ষোভৰ মাজতেই অগ্নিপথ প্রকল্পত নিয়োগৰ সময়সূচি ঘোষণা প্রতিৰক্ষা মন্ত্রণাল‌য়ৰ

889267 army bharti rally

অগ্নিপথ বিক্ষোভৰ সন্মুখীন হোৱা ভাৰতীয় সেনাৰ লেফটেনেন্ট জেনেৰেল অনিল পুৰিয়ে জনাইছিল, যিয়ে নহ‌ওক, প্রকল্প প্রত্যাহাৰৰ কোনো প্রশ্ন নাই । হিংসাত্মক বিক্ষোভৰ পৰিস্থিতিতেই অগ্নিপথ প্রকল্পৰ অধীনত সেনাবাহিনী, নৌবাহিনী আৰু বায়ুসেনাত নিয়োগৰ সময়সূচি প্রকাশ কৰিলে প্রতিৰক্ষা দপ্তৰে ।

দেওবাৰে অগ্নিপথ প্রকল্পৰ অধীনত সেনা নিয়োগৰ বাবে এটা বিস্তৃত নিয়োগৰ সময়সূচি ঘোষণা কৰে লেফটেনেন্ট জেনেৰেল অনিল পুৰিয়ে । সাংবাদিক বৈঠকত তেওঁ জনায়, চৰকাৰ অগ্নিপথ প্রকল্প বাস্তৱায়নৰ দিশে আগবাঢ়িছে । যুৱ সমাজক আবেদন কৰা হৈছে তেওঁলোকে যেন এইবাৰ আন্দোলন স্তব্ধ কৰে । ইয়াৰ পাছতে অগ্নিপথ প্রকল্প অধীনস্থ অগ্নিবীৰসকলক অন্তর্ভুক্তিৰ বিষয়ত নৌবাহিনীৰ পৰিকল্পনাৰ বিৱৰণ দিয়ে ভাইছ এডমিৰেল দীনেশ ত্রিপাঠীয়ে । তেওঁ জনায়, অহা ২৫ জুনৰ ভিতৰত নৌবাহিনীৰ প্রধান কার্যালয়ৰ পৰা নিয়োগল বিস্তৃত নির্দেশনা প্রকাশ কৰা হ’ব । মহিলা আৰু পুৰুষ —উভয়ৰে অগ্নিবীৰ প্রকল্পৰ অধীনত নৌবাহিনীত যোগ দিয়াৰ সুযোগ আছে ।

আনহাতে, এয়াৰ মাৰ্চেল এছকে ঝাই জনায়, অগ্নিপথৰ অধীনত বায়ুসেনাত নিয়োগৰ নিবন্ধীকৰণ আৰম্ভ হ’ব ২৪ জুনৰ পৰা । প্রথম পৰ্যায়ত অনলাইন পৰীক্ষা আৰম্ভ হ’ব অহা ২৪ জুলাইত ।

ভাৰতীয় সেনাত নিয়োগৰ ঘোষণা কৰি লেফটেনেন্ট জেনেৰেল পোনাপ্পাই জনায়, ২০ জুনত এটা খচৰা বিজ্ঞপ্তি জাৰি হৈছে । ইয়াৰ পাছত এক জুলাইৰ পৰা ভাৰতীয় সেনাৰ বিভিন্ন ইউনিটৰ তৰফৰ পৰা বিজ্ঞপ্তি জাৰি কৰা হ’ব । আগন্তুক আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰত দেশৰ বিভিন্ন প্রান্তত সেনা নিয়োগৰ ৰেলী হ’ব ।

প্রথম বছৰত ৪০,০০০ অগ্নিবীৰ নিয়োগৰ বাবে ৮৩টা ৰিক্রুট‌ইমেন্ট ৰেলীৰ আয়োজন কৰা হ’ব । তাৰ পাছত প্রশিক্ষণ আৰম্ভ হ’ব । সেইটো ডিচেম্বৰৰ প্রথমৰ পৰা দ্বিতীয় সপ্তাহৰ মাজত । এই পৰ্যায়ত ২৫ হেজাৰ প্রার্থীৰ প্রশিক্ষণ আৰম্ভ হ’ব । ২০২৩ৰ ২৩ ফেব্রুৱাৰীত দ্বিতীয় পৰ্যায়ত প্রশিক্ষণ শিবিৰত যোগ দিব অগ্নিবীৰসকলে ।

Exit mobile version