COVID Update : ২৪ ঘণ্টাত সামান্য হ্ৰাস পালে দৈনিক সংক্রমণ, কৰ’নাত দেশজুৰি মৃত ১৮

1591891981 375

শনিবাৰে দেশত ক’ভিডত দৈনিক আক্রান্তৰ সংখ্যাই ১৩ হেজাৰ অতিক্ৰম কৰিলেও বিগত দুদিন ধৰি দৈনিক সংক্রমিতৰ সংখ্যা সামান্য কমিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্তৰ সংখ্যা কমি হৈছে ১২,৭৮১ । দেওবাৰে এই সংখ্যা আছিল ১২,৮৯৯ ।

ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ৮,৫৩৭ জন ক’ভিডমুক্ত হৈছে । এই পর্যন্ত দেশজুৰি সুস্থ হৈছে চাৰি কোটি ২৭ লাখ সাত হেজাৰ ৯০০ জন । বর্তমান দেশত সুস্থতাৰ হাৰ ৯৮.৬১ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড পৰিসংখ্যা অনুযায়ী, দেশত দৈনিক সংক্রমণৰ শীর্ষত মহাৰাষ্ট্র । মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা চাৰি হেজাৰ পাৰ হৈছে । বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রত দৈনিক সংক্রমিতৰ সংখ্যা ৪,০০৪ । ইয়াৰ পাছতে আছে কেৰালা । কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ৩,৩৭৬ ।

দৈনিক সংক্রমণৰ তালিকাত কেৰালাৰ পাছত দিল্লী (১,৫৩০), তামিলনাডু (৬৯২) আৰু কর্নাটক (৬২৩) । বর্তমান দাদৰা আৰু নগৰ হভেলি আৰু দমন আৰু দিউ আৰু লক্ষদ্বীপত ক’ভিড আক্রান্তৰ সংখ্যা শূন্য ।

ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা ১৮ । ইয়াৰ ভিতৰত মৃতৰ সংখ্যা কেৰালাতেই সর্বোচ্চ । কেৰালত ক’ভিডত আক্রান্ত হৈ ১১ জন ব্যক্তিৰ মৃত্যু হৈছে ।

তদুপৰি দিল্লীত তিনিজন আৰু পশ্চিমবংগ, মহাৰাষ্ট্র, পঞ্জাৱ আৰু কর্নাটকত এজনকৈ প্রয়াত হৈছে । দেওবাৰে ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা আছিল ১৫ । পৰিসংখ্যান অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৪ হেজাৰ ৮৭৩ ।

বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ বাঢ়ি হৈছে ৪.৩২ শতাংশ । দেওবাৰে সংক্রমণৰ হাৰ আছিল ২.৮৯ শতাংশ । পৰিসংখ্যা অনুসৰি, সমগ্ৰ দেশত এই পর্যন্ত ১৯৬ কোটি ১৮ লাখ ৬৬ হেজাৰ ৭০৭ টিকাকৰণ হৈছে ।

Exit mobile version