SpiceJet : বিমানত জুই ! তৎসত্ত্বেও শান্ত পাইলটসকলে যাত্রীৰ জীৱন ৰক্ষা কৰাত কুর্নিশ স্পাইছজেটৰ

ac100bd2 efaa 11ec 9304 3037d47fdefe 1655628332839

আৰু কিছু সময় হ’লেই বৃহৎ দুর্ঘটনা ঘটিল হয় । দেওবাৰে পটনা বিমানবন্দৰৰ পৰাৰ উৰাৰ পাছতেই দিল্লীগামী স্পাইছজেটৰ বিমানত জুই লাগি গৈছিল । গ’ম পোৱাৰ পাছতেই তৎক্ষণাৎ ইঞ্জিন বন্ধ কৰি জৰুৰী অৱতৰণৰ সিদ্ধান্ত লয় পাইলটে । যাৰ ফলত ১৮৫ জন যাত্রীৰ প্রাণ ৰক্ষা পৰে । এই ঘটনাৰ পৰিপ্রেক্ষিতত পাইলটসকলে গর্বিত কৰিছে বুলি বার্তা দিলে স্পাইছজেট কর্তৃপক্ষ‌ই ।

সংবাদ সংস্থাক স্পাইছজেটৰ পাইলটৰ নেতৃত্বদানকাৰী গুৰুচৰণ অৰোৰাই কয়,‘‘সমস্ত যাত্রীক আমাৰ আবেদন, আপোনালোকে স্পাইছজেটৰ পাইলটসকলৰ ওপৰত ভৰসা ৰাখক । তেওঁলোকে প্রত্যেকে সুপ্রশিক্ষিত । পটনাত যিদৰে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে পাইলটসকলে, এইটো আমাৰ বাবে গর্বৰ বিষয় ।’’

নিৰাপদে বিমানখনৰ জৰুৰী অৱতৰণৰ বাবে স্পাইছজেটৰ তৰফৰ পৰা পাইলট মনিকা খন্না আৰু বিষয়া বলপ্রীত সিং ভাটিয়াৰ প্রশংসা কৰা হৈছে । কেপ্টেইন অৰোৰাই কয়, ‘‘সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে কেপ্টেইন মনিকা খন্না আৰু ফাৰ্ষ্ট অফিচাৰ বলপ্রীত সিং ভাটিয়াই । এনে কঠিন সময়তো শান্ত থাকি সকলো নিয়ন্ত্ৰণ কৰিছে । বিমানখন অৱতৰণ কৰাৰ সময়ত কেৱল এটা ইঞ্জিনে কাম কৰি আছিল । পাখিৰ আঘাতত ফেনৰ ব্লেড আৰু ইঞ্জিনৰ ক্ষতি হৈছে । ডিজিচিএ-য়ে বিষয়টো পৰ্যবেক্ষণ কৰিব ।’’

Exit mobile version