COVID update : ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা বাঢ়ি হ’ল ১২,২৪৯, মৃতৰ সংখ্যা ১৩

1008151 969981 rt pcr test ians

মঙলবাৰে দেশত ক’ভিডত দৈনিক আক্রান্তৰ সংখ্যা ১০ হেজাৰৰ তলত নামিলেও বিগত ২৪ ঘণ্টাত পুনৰ ১২ হেজাৰৰ ঘৰ পাৰ কৰিছে দৈনিক সংক্রমিতৰ সংখ্যা । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড- দৈনিক আক্রান্তৰ সংখ্যা বাঢ়ি হৈছে ১২,২৪৯ । মঙলবাৰে এই সংখ্যা আছিল ৯,৯২৩ ।

ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ৯,৮৬২ জন ক’ভিডৰ প্রকোপৰ পৰা সুস্থ হৈছে । এই পর্যন্ত দেশজুৰি সুস্থ হৈছে চাৰি কোটি ২৭ লাখ ২৫ হেজাৰ ৫৫ জন । বর্তমান দেশত সুস্থতাৰ হাৰ ৯৮.৬০ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড পৰিসংখ্যা অনুযায়ী, দেশত দৈনিক সংক্রমণৰ শীর্ষত মহাৰাষ্ট্র । মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা চাৰি হেজাৰৰ ওচৰত । যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্রত দৈনিক সংক্রমিতৰ সংখ্যা ৩,৬৫৯ । ইয়াৰ পাছতে আছে কেৰালা । কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ২,৬০৯ ।

দৈনিক সংক্রমণৰ তালিকাত মহাৰাষ্ট্র আৰু কেৰালাৰ পাছত আছে দিল্লী (১,৩৮৩), কর্নাটক (৭৩৮), তামিলনাডু (৭৩৭) আৰু হৰিয়ানা (৬১১) । বর্তমান দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ, লক্ষদ্বীপ, ত্রিপুৰা আৰু নগালেণ্ডত বর্তমান ক’ভিডত আক্রান্তৰ সংখ্যা শূন্য ।

ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা ১৩ । ইয়াৰ ভিতৰত কেৰালাত ক’ভিডত আক্রান্ত হৈ আঠজনৰ মৃত্যু হৈছে । ইয়াৰ উপৰি দিল্লী, পশ্চিমবংগ, জম্মু আৰু কাশ্মীৰ, মহাৰাষ্ট্র আৰু উত্তৰ প্রদেশত এজনকৈ প্রয়াত হৈছে ।

মঙলবাৰে ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা আছিল ১৭ । পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৪ হেজাৰ ৯০৩ । বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ বাঢ়ি হ’ল ৩.৯৪ শতাংশ । মঙলবাৰে সংক্রমণৰ হাৰ আছিল ২.৫৫ শতাংশ । পৰিসংখ্যা অনুসৰি, সমগ্ৰ দেশত এই পর্যন্ত ১৯৬ কোটি ৪৫ লাখ ৯৯ হেজাৰ ৯০৬ টিকাকৰণ হৈছে ।

Exit mobile version