iPhone : ন্যায়াধীশসকলক সকলোকে আইফোন দিব পাটনা উচ্চ ন্যায়ালয়ে

363780 patna high court 1

আদালতৰ সকলো ন্যায়াধীশক আইফোন দিয়া হ’ব । আইফোন-১৩ প্র’ । এই সিদ্ধান্ত পাটনা উচ্চ ন্যায়ালয়ৰ । সেয়ে আইফোন সৰবৰাহকাৰীসকলকৰ দৰপত্র আহ্বান কৰা হৈছে । আইফোনৰ আগ্রহী সৰবৰাহকাৰীসকলৰ জিএছটি আৰু সেৱা মূল্যসহ দৰপত্র জমা দিয়াৰ নির্দেশ দিয়া হৈছে । দৰপত্রত আইফোন সৰবৰাহকাৰীকলে যেন অৱশ্যেই জিএছটি নম্বৰ, পেন কার্ড, আধাৰ নম্বৰ, ইমেইল, মোবাইল নম্বৰৰ তথ্য দিয়ে, সেই নির্দেশো দিয়া হৈছে আদালতৰ তৰফৰ পৰা ।

দৰপত্রত স্পষ্টকৈ আৰু জনোৱা হৈছে, মোবাইল কিনাৰ বিষয়ত বিক্রেতাসকলৰ কোনো অগ্রিম অর্থ দিয়া নহ’ব । বিল জমা দিয়াৰ পাছত নগদ অর্থৰ পৰিৱর্তে বেংক একাউন্টত টকা পঠোৱা কৰা হ’ব বুলিও আদালতৰ তৰফৰ পৰা জনোৱা হৈছে ।

যিকোনো সময়ত আইফোনত ত্রুটি দেখা দিলে সৰবৰাহকাৰী সংস্থাই ঠিক কৰাৰ দায়িত্ব ল’ব লাগিব বুলিও পাটনা উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা জনোৱা হৈছে । লগতে ৱাৰেন্টি ম্যাদৰ আগতে এই ফোন বেয়া হ’লে সেয়া বিনামূল্যে ঘূৰাই দিব লাগিব । দিয়া হৈছে এই নির্দেশো ।

Exit mobile version