আগ্রাসী চীনৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ আমেৰিকাৰ অস্ত্র তিব্বত

Tibet

চীনৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ আমেৰিকাৰ অস্ত্র তিব্বত । তাত মানৱ অধিকাৰ লংঘনৰ বিষয় ভয়াৱহ পর্যায় পাইছে বুলি বেজিঙৰ বিৰুদ্ধে আঙুলি তুলিছে মার্কিন হাউছ অৱ ৰিপ্রেজেন্টেটিভছৰ স্পিকাৰ নেন্সি পেলোচিয়ে ।

বুধবাৰে তিব্বত সন্দৰ্ভত ‘ৱর্ল্ড পার্লিয়ামেন্টাৰিয়ান কনভেনছন’-ৰ অষ্টম সংস্কৰণত যোগ দি পেলোচিয়ে কয়, “আজি তিব্বত আৰু বিশ্বৰ বিভিন্ন প্রান্তৰ প্রতিনিধিসকলৰ স’তে বৈঠকত যোগ দি ম‌ই গর্বিত । তিব্বতত চীন চৰকাৰৰ মানৱ অধিকাৰ লংঘনৰ বিষয় ভয়াৱহ পর্যায় পাইছে । তেওঁলোকে (চীন) তিব্বতৰ স্বকীয় পৰিচয়, স্বশাসন বা বিশ্বাসক এতিয়াও কোনো গুৰুত্ব দিয়া নাই এইটো স্পষ্ট ।”

বাইডেন প্রশাসনৰ বিৰুদ্ধেও কটাক্ষৰ সুৰত পেলোচিয়ে কয়, “আজি বাণিজ্যিক স্বার্থৰ বাবে আমি যদি তিব্বতত মানৱ অধিকাৰ লংঘনৰ বিষয়ত চীনৰ বিৰুদ্ধে সৰৱ নহ‌ওঁ, তেনেহ’লে বিশ্বৰ অন্য ক’তো এনে ঘটনাত আমাৰ মাত মতাৰ নৈতিক অধিকাৰ নাথাকিব ।”

বুধবাৰে ৱাশ্বিংটনত আৰম্ভ হৈছে তিব্বত সন্দৰ্ভত আইনসভাৰ সদস্যসকলৰ আন্তর্জাতিক সন্মিলন । ইয়াৰ উদ্যোক্তা নির্বাসিত তিব্বত চৰকাৰ । এই সন্মিলনত যোগ দিছে ২৬খন দেশৰ প্রায় এশজন প্রতিনিধিয়ে । তিব্বত (Tibet) সমস্যাৰ সমাধান কৰা আৰু প্রদেশখনৰ স্বাধীনতা ঘূৰাই অনাই এই সন্মিলনৰ উদ্দেশ্য । ইয়াৰ পূৰ্বে ১৯৯৪ত নতুন দিল্লীত অনুষ্ঠিত হয় প্রথম ‘ৱর্ল্ড পার্লিয়ামেন্টাৰিয়ান কনভেনছন’ । চীনা আগ্রাসনৰ সময়ত তিব্বতৰ অস্তিত্ব ৰক্ষাত ভাৰতে যি ভূমিকা গ্ৰহণ কৰিছিল তাক সন্মান জনাই সন্মিলনৰ আয়োজন কৰা হৈছিল ।

উল্লেখ্য, বিগত বছৰত এক চাঞ্চল্যকৰ প্ৰতিবেদনত কোৱা হয়, বিদ্রোহৰ শংকাত লাছাৰ ওপৰত চাপ দি সন্যাসীসকলক মঠৰ পৰা উলিয়াই দিছে কমিউনিষ্ট দেশখনে । তিব্বতৰ পার্শ্বৱর্তী কুইংহাই প্রদেশৰ মঠবোৰৰ পৰাও সন্যাসীসকলক উলিয়াই দিছে চীনে (China) । ৰেডিঅ’ ফ্রি এছিয়াই জনাইছিল, বিগত অক্টোবৰত ধর্মীয় গতিবিধি নিয়ন্ত্রণত এটা নতুন আইন প্ৰণয়ন কৰে চীনে । এই আইনত কোৱা হৈছে, কিশোৰসকলক সন্যাসী হিচাপে মঠত ৰাখিব নোৱাৰিব ।

কেৱল সেয়াই নহয়, বিদ্রোহৰ শংকাত এইবাৰ তিব্বতৰ যাযাবৰ গোষ্ঠীৰ ওপৰত ভয়াৱহ অত্যাচাৰ আৰম্ভ কৰিছে ৰঙা চীনে । চিনজিয়াং প্রদেশত উইঘুৰ মুছলিমসকলৰ ওপৰত বেইজিঙৰ নির্যাতনৰ ঘটনা আন্তর্জাতিক মঞ্চত তীব্র আলোড়ন আৰম্ভ কৰিছে । এনে পৰিস্থিতিত চীনৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ তৎপৰ হৈছে আমেৰিকা ।

Exit mobile version