COVID Update : ক’ভিড আপডেট

corona tests 660 260320104354

দেশত পুনৰ বৃদ্ধি পালে দৈনিক কৰ’না আক্রান্তৰ সংখ্যা । বিগত ২৪ ঘণ্টাত দেশত কৰ’না আক্রান্তৰ সংখ্যা ১৭,০৭৩ । সোমবাৰে এই তথ্য জনালে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড সংক্রান্ত প্ৰতিবেদনত । যোৱা দেওবাৰে ভাৰতত দৈনিক কৰ’না আক্রান্ত বাঢ়িছে প্রায় ৪৫ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুযায়ী, দেওবাৰে দেশত ২৫ জনৰ মৃত্যু হৈছে কৰ’নাত । সম্প্ৰতি দৈনিক কৰ’না সক্রিয়তাৰ হাৰ হৈছে ৪.৩৯ শতাংশ । সাপ্তাহিক কৰ’না সক্রিয়তাৰ হাৰ ৩.৩০ শতাংশ । দেওবাৰ পর্যন্ত দেশত মুঠ সক্রিয় কৰ’না ৰোগীৰ সংখ্যা ৯৪,৪২০ জন । সুস্থতাৰ হাৰ ৯৮৮.৫৭ শতাংশ । বিগত ২৪ ঘণ্টাত ১৫,২০৮ জন লোক কৰ’নাৰ পৰা সুস্থ হৈছে ।

ৰাজ্যভিত্তিক কৰ’না পৰিস্থিতি অনুসৰি সংক্রমণত প্ৰথমত আছে মহাৰাষ্ট্ৰ । দেওবাৰে সেই ৰাজ্যত ৬,৪৯৩ জন কৰ’না আক্রান্ত হৈছে । মৃত্যু হৈছে পাঁচজনৰ । মুম্বাইৰ পাছত সংক্রমণ অধিক তামিলনাডু, কর্ণাটক, মধ্যপ্রদেশ, গুজৰাট, তেলেংগানাৰ দৰে ৰাজ্য ।

এনে পৰিস্থিতিত কৰ’না পৰীক্ষণৰ ওপৰত জোৰ দিছে প্রশাসনে । দেওবাৰে দেশত ৩,০৩,৬০৪টা নমুনা পৰীক্ষা কৰা হৈছে । মুঠ ১৯৭.১১ কোটি টিকাকৰণ হৈছে ভাৰতত ।

Exit mobile version