ভৱানীপুৰৰ মেধিকুছি-চাৰালপাৰা-নয়াপাৰাত পুনৰ ভয়াৱহ বান, আতংকিত ৰাইজ

বানত ছিঙিল চাউলীয়াবৰী-কেন্দুগুৰি গড়কাপ্তানী পথ

WhatsApp Image 2022 06 28 at 8.22.13 PM

ভৱানীপুৰ বিধানসভা সমষ্টিৰ মেধিকুছি, নয়াপাৰা, চাৰালপাৰাকে ধৰি এক বৃহত্তৰ অঞ্চল আজি পুনৰ ভয়াৱহ বানত আক্ৰান্ত হৈছে । পহুমৰা নদীৰ মথাউৰি ভৱানীপুৰ বিধানসভা সমষ্টিৰ মেধিকুছি আৰু চাৰালপাৰা-নয়াপাৰাত পৃথকে পৃথকে ১২ দিন পূৰ্বে বিছিন্ন হোৱাৰ পাছত ভয়াৱহ তাণ্ডৱ চলোৱাত প্ৰায় দুকুৰি পৰিয়াল গৃহহীন হৈছে । আজিও আশ্ৰয় শিবিৰতেই আছে গৃহহীন পৰিয়ালসমূহৰ লগতে বানত ডুব গৈ থকা পৰিয়ালসমূহ ।

বিগত এটা সপ্তাহত বান পৰিস্থিতিৰ উন্নতি ঘটিছিল যদিও যোৱা নিশাৰ পৰা পুনৰ পহুমৰা নদী ওফন্দি উঠাত বৃহত্তৰ অঞ্চলটো ভয়াৱহ বানৰ কৱলত পৰিছে ।বানৰ কৱলত পৰা গঞা ৰাইজ আতংকিত হৈ নিজৰ বাসস্থান এৰি পলাবলগীয়া হৈছে । অঞ্চলটোত বাতৰি লিখা পৰলৈকে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ।

উল্লেখ্য যে বানৰ কোবাল সোঁতে ভৱানীপুৰ-পাটাছাৰকুছি আৰু চাপাগুৰি বিধানসভা সমষ্টি সংযোগী চাউলীয়াবৰী-কেন্দুগুৰি অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথটো আজি বিয়লি বিছিন্ন হৈছে । উল্লেখ্য যে কোনো বৃষ্টিপাত নোহোৱাকৈ পুনৰ পহুমৰা নদীৰ পানী ওফন্দি উঠি ভয়াৱহ বানৰ সৃষ্টি হোৱাৰ কাৰণ ভূটানৰ বৃহৎ নদীবান্ধ কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়া বুলি ধাৰণা কৰা হৈছে ।

Exit mobile version