গোসাইগাঁৱৰ কুৰ্শাকাটিত গুৰুফেলা নদীৰ পানীত পৰি এজন সন্ধানহীন

WhatsApp Image 2022 06 30 at 7.05.08 PM

কোকৰাঝাৰ জিলাৰ ভাওঁৰাগুৰী আৰক্ষী চকীৰ অন্তৰ্গত কুৰ্শাকাটিত গুৰুফেলা নদীত পৰি এজন লোক সন্ধানহীন হয় । লোকজন কমলসিং গাঁৱৰ বাসিন্দা জহৰলাল ব্ৰহ্ম (৫৫) বুলি চিনাক্ত কৰা হৈছে ।

প্ৰাপ্ত বাতৰি অনুসৰি কালি সন্ধিয়াৰ ভাগত সাতুৰি নদী পাৰ হওঁতে উক্ত ঘটনাটো সংঘটিত হয় । উক্ত ঘটনাৰ খবৰ পাই ভাওৰাগুৰী আৰক্ষী এটা দল ঘটনাস্থলীত উপস্থিত হয় । পাছত এছ ডি আৰ এফ বাহিনীয়ে উপস্থিত হৈ অভিযান চলাইছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ পোৱা নাই ।

বাতৰি লিখা পৰ্যন্ত এছডিআৰএফ বাহিনীৰ সন্ধান অভিযান অব্যাহত আছে ।

Exit mobile version