Online Loan : অনলাইনত ১০ হেজাৰ টকা ঋণ লৈ পৰিশোধ কৰিবলগীয়া হ’ল আঢ়ৈ লাখ টকা !

Loan apps 3 1424x802 1

ঋণপ্রদানকাৰী এপৰ মাধ্যমত ১০ হেজাৰ টকা ঋণ লৈছিল এজন ব্যক্তিয়ে । সেই ঋণ তেওঁ পূৰণ কৰিবলগীয়া হ’ল আঢ়ৈ লাখ টকাৰে ! এই আচৰ্যকৰ ঘটনাটো সংঘটিত হৈছে মুম্বাইৰ যোগেশ্বৰীত ।

আৰক্ষী সূত্রে খবৰ, যোগেশ্বৰীৰ এজন ব্যক্তিয়ে মে’ত অনলাইনত এপৰ মাধ্যমত ১০ হেজাৰ টকাৰ ঋণৰ বাবে আবেদন কৰিছিল । চর্ত সাপেক্ষে তিনি মাহৰ ভিতৰত সেই টকা উভতাই দিয়াৰ কথা আছিল ।

অভিযোগ, টকা পোৱাৰ পাঁচদিন পাছৰ পৰাই ব্যক্তিজনৰ তাত বিভিন্ন অচিনাকী নম্বৰৰ পৰা ফোন আহিবলৈ লয় । যিমান বাৰেই তেওঁ ফোন ৰিচিভ কৰে, সিমান বাৰেই তেওঁট হুমকি দি কোৱা হয় শীঘ্ৰে টকা পৰিশোধ নকৰিলে তেওঁৰ ছবি বিকৃত কৰি পৰিয়ালৰ সদস্য আৰু বন্ধুবান্ধৱক দিয়া হ’ব । বাৰে বাৰে একেই হুমকিৰ ফোন পাই সেই ঋণ পৰিশোধ কৰিবলৈ ব্যক্তিজনে অন্য এটা ঋণপ্রদানকাৰী এপৰ পৰা বৃহৎ সুদত ঋণ লয় ।

ভাবিছিল, টকা পৰিশোধ কৰি নিস্তাৰ পাব । কিন্তু ইয়াৰ পৰিৱৰ্তে, হুমকি ফোনৰ সংখ্যা আৰু বাঢ়ি গ’ল । দ্বিতীয়বাৰ যি এপৰ পৰা ঋণ লৈছিল, দুদিন পাছৰ পৰাই এই ঋণ পৰিশোধ কৰিবৰ বাবে চাপ দি ফোন আহিব লয় । লোকজনৰ দাবী, ঠিক একেধৰণেৰে তেওঁক হুমকি দিয়া আৰম্ভ হয় । ঋণ পৰিশোধ কৰিবৰ বাবে ক্রমে তেওঁ প্রতাৰকৰ ফান্দত পৰিব লয় । দ্বিতীয়বাৰ লোৱা ঋণ পৰিশোধ কৰিবলৈ আৰু এটা এপ্ ব্যৱহাৰ কৰি ঋণ লয় । এইদৰে ১০ হেজাথ টকা পৰিশোধ কৰিবলৈ ৪০ হেজাৰ টকা ঋণ লয় । মুঠ ছটা এপ্ ব্যৱহাৰ কৰি এই টকা ঋণ লৈছিল তেওঁ ।

কিন্তু তাতো ৰেহাই নাপায় । ৩১টা অচিনাকী নম্বৰৰ পৰা প্রতি দিনে নানা প্ৰকাৰে হুমকিভৰা ফোন আহিবলৈ লয় । এইদৰে ঋণৰ জালত পৰি তেওঁ অতিষ্ঠ হৈ পৰিছে । তেওঁক ফোনত কোৱা হয়, মূলধন আৰু সুদ মিলাই তেওঁ মুঠ আঢ়ৈ লাখ টকা ঋণ পৰিশোধ কৰিব আছে । এই কথা শুনি ব্যক্তিজনে যেতিয়া টকা দিবলৈ অস্বীকাৰ কৰে, তেতিয়া তেওঁৰ ছবি বিকৃত কৰি পৰিয়লৰ সদস্য, আত্মীয় আৰু বন্ধুবান্ধৱক দিয়ে প্রতাৰকসকলে ।

ব্যক্তিজনে কয়, “এইদৰে বিকৃত ছবি মোৰ পৰিয়াল আৰু পৰিচিতসকলক দিয়াৰ আৰু ভয় কৰিছিলো । অৱশেষত এজন বন্ধুৰ পৰা আঢ়ৈ লাখ টকা ধাৰ কৰি সেই টকা পৰিশোধ কৰিলো ।”

এই বিষয়ত এটা অভিযোগ দাখিল কৰিছে ব্যক্তিজনে । তদন্তত আৰক্ষীয়ে জানিব পাৰে যে, ক্রেজিবি, কেচ্ এড্‌ভান্স, ডাভ কেচ্, ট্রেকো, অনষ্ট্ৰিম, পাপা মানি, শাটল লোন— এই ছটা এপ্ ব্যৱহাৰ কৰি ঋণ লৈছিল অভিযোগকাৰীয়ে । আৰক্ষীয়ে জনাইছে, যি ৩১টা নম্বৰৰ পৰা ফোন আহিছিল সেইবোৰ চিহ্নিত কৰা হৈছে । লগতে আৰক্ষীয়ে পৰামর্শ দিছে, এই ধৰণৰ এপবোৰ যেন কোনো ব্যক্তিয়ে ব্যৱহাৰ নকৰে ।

Exit mobile version