Taliban : জাতীয় ঐক্য সন্মিলনত নাৰীসকলক প্রতিনিধিত্ব কৰিব পুৰুষে ! তালিবানি ফতোৱাত বিতর্ক

3500

আফগানিস্তানত তালিবান দ্বিতীয়বাৰ চৰকাৰ গঠন কৰিছে । তাৰ পাছতে এয়ে প্রথম জাতীয় ঐক্য সন্দৰ্ভত বৈঠকৰ আয়োজন কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা । তাত নাৰীক প্রতিনিধিত্ব কৰিব পুৰুষে । এই সমাবেশত যোগ দিব দেশৰ ধর্মগুৰু আৰু প্রবীণ নেতাসকলে । অৱশ্যে তালিব চৰকাৰৰ বহু ক্ষেত্রৰ দৰে এই ক্ষেত্ৰতো বহিস্কৃত মহিলাসকল । মহিলাসকলৰ প্রতিনিধিত্ব কৰিবৰ বাবে বাছি লোৱা হৈছে পুৰুষসকলক । বুধবাৰে তালিব চৰকাৰৰ উপ-প্রধানমন্ত্রী আব্দুল ছালাম হানাফিয়ে এই ঘোষণা কৰে । বৃহস্পতিবাৰৰ পৰা এই সমাবেশ আৰম্ভ হ’ব বুলিও তেওঁ জনাইছে ।

সমাবেশত মহিলাসকলে যোগ দিব পাৰিব নে নাই জানিব বিচৰাত তেওঁ জনায়, মহিলাসকলে এই সমাবেশত যোগ নিদিয়ে । পুৰুষসকলেই মহিলাৰ প্রতিনিধিত্ব কৰিব । হানাফিয়ে কয়, ‘‘দেশৰ মহিলাসকল আমাৰ মা-ভনী । আমি তেওঁলোকক সন্মান কৰো । সেয়ে পুৰুষসকল সমাবেশত থকা মানে মহিলাসকলো সমাবেশত থকা ।’’

হানাফিয়ে আৰু কয়, ‘‘বিভিন্ন দৃষ্টিভংগীৰ মানুহ এই সমাবেশত জড়িত হ’ব । এই সমাবেশৰ পৰা আফগানিস্তানৰ জাতীয় ঐক্য শক্তিশালী কৰিবৰ বাবে ইতিবাচক পদক্ষেপ লোৱা হ’ব ।’’ তেওঁ আৰু জনায়, এই সমাবেশত চৰকাৰ ব্যৱস্থা, অর্থনৈতিক পৰিস্থিতি আৰু সামাজিক সমস্যা লৈও আলোচনা হ’ব পাৰে ।

ইতিমধ্যে আফগানিস্তানৰ মহিলাসকলক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে তালিবান চৰকাৰে । কাঢ়ি লোৱা হৈছে বহু মৌলিক অধিকাৰো । ইয়াকে লৈ বিশ্বব্যাপী সমালোচনাৰ সন্মুখীন হৈছে তালিবান । অৱশ্যে চৰকাৰৰ এই নতুন সিদ্ধান্তত দেশ-বিদেশৰ বিভিন্ন মহলত সমালোচনা আৰম্ভ হৈছে ।

প্রসংগত, গভীৰ অর্থনৈতিক সংকটত আছে আফগানিস্তান । বিদেশৰ পৰা অর্থ সাহায্যও বন্ধ আছে । হোৱাইট হাউছে ইতিমধ্যে জনাইছে যে, আফগানিস্তানৰ জনসাধাৰণক এই পৰিস্থিতিৰ পৰা কেনেকৈ আনিব পাৰে, সেয়া সমাধানৰ চেষ্টা অব্যাহত আছে । অৱশ্যে তেওঁলোকে এয়াও লক্ষ্য ৰাখিব লাগিব যে, ইয়াৰ ফলত যেন তালিব চৰকাৰৰ কোনো সুবিধা নহয় ।

Exit mobile version