হাতীৰ স’তে সহাৱস্থানৰ বাবে গোৱালপাৰাত সৌৰ শক্তিচালিত বেৰ স্থাপন আৰণ্যকৰ

WhatsApp Image 2022 07 10 at 2.53.45 PM

মানুহ আৰু হাতীৰ মাজত সহাৱস্থানৰ বাবে গোৱালপাৰা জিলাত আৰণ্যকে ইউএছ ফিছ এণ্ড ৱাইল্ডলাইফ ছাৰভিছৰ লগত যুতীয়াভাৱে কাশীবাৰী-কোচপাৰাৰ ৰাইজৰ সহযোগত গাঁওখনৰ চাৰিওফালে দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন সৌৰ শক্তিচালিত বেৰ স্থাপন কৰে ।

সাম্প্ৰতিক সময়ত সমগ্ৰ অসমত মানুহ আৰু হাতীৰ মাজত সংঘৰ্ষ বাঢ়ি আহিছে । খাদ্য আৰু আৱাসভূমিৰ অভাৱত হাতীবোৰে জনাঞ্চলবোৰত প্ৰৱেশ কৰিবলৈ বাধ্য হৈছে আৰু উভয়ৰে মাজত সংঘাতৰ সৃষ্টি হৈছে । এনে ক্ষেত্ৰত এই সৌৰচালিত বেৰবোৰে গাঁওবাসীক সুৰক্ষা প্ৰদান কৰাত অধিক ফলপ্ৰসূ হৈছে । কাশীবাৰী কোচপাৰাত স্থাপন কৰা এই সৌৰ শক্তিচালিত বেৰে গাঁওখনৰ প্ৰায় দুশ লোকক পোনপটীয়াকৈ লাভান্বিত কৰিব আৰু চাৰিওফালৰ গাঁওবোৰক উপকৃত কৰিব ।

যোৱা সাত জুলাইত কাশীবাৰী কোচপাৰাত প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বেচৰকাৰী সংগঠন ‘আৰণ্যক’ৰ উদ্যোগত সংস্থাপিত সৌৰ শক্তিচালিত বেৰখন গোৱালপাৰা জিলাৰ ডি এফ অ’ জীতেন্দ্ৰ কুমাৰে বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । কুমাৰে সৌৰচালিত বেৰখন বন বিভাগ, আৰণ্যক আৰু সৌৰ বেৰ পৰিচালনা সমিতিৰ স’তে ভৱিষ্যতে ৰক্ষণাৱেক্ষণৰ দায়িত্বৰ এখন চুক্তি স্বাক্ষৰ কৰাৰ পাছত বেৰখন কাশীবাৰী ৰাইজ আৰু বেৰ সমিতিৰ হাতত স্থানান্তৰ কৰে ।

গাঁওবাসীয়ে আৰণ্যক আৰু বন বিভাগক সৌৰ বেৰখন স্থাপন কৰি তেওঁলোকৰ শস্য, জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

Exit mobile version