Russia-Ukraine War : ভাৰতসহ পাঁচ দেশৰ ৰাষ্ট্রদূতক বৰ্খাস্ত কৰিলে ইউক্রেইন-ৰাষ্ট্ৰপতি জেলেনস্কিয়ে

sdfsdfasdgfASdfasdasd20220709183012

img

ৰাছিয়াৰ স’তে যুদ্ধ চলাকালীন বৃহৎ পদক্ষেপ ল’লে‌ ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে । ভাৰতসহ পাঁচ দেশত নিযুক্ত ৰাষ্ট্রদূতক তেওঁ বৰ্খাস্ত কৰিলে । ৰাষ্ট্ৰপতিৰ ৱেবছাইট সূত্রে এই খবৰ । অৱশ্যে তেওঁলোকক কিয় বৰ্খাস্ত কৰা হ’ল তাৰ কোনো কাৰণ জানিব পৰা নাই ।

ভাৰতসহ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে বৰ্খাস্ত কৰিছে জামার্নী, চেক ৰিপাব্লিক, নৰৱে আৰু হাংগেৰীৰ ৰাষ্ট্রদূতকো । তেওঁলোকক অন্য কোনো পদত নিযুক্ত কৰা হ’ব নে নাই তাক লৈও কোনো বার্তা নাই ৰাষ্ট্ৰপতিয়ে জাৰি কৰা নির্দেশত ।

বিগত ২৪ ফেব্রৃআৰীত ৰাছিয়াৰ স’তে যুদ্ধ আৰম্ভ হোৱাৰ পাছৰ পৰা জেলেনস্কিয়ে তেওঁৰ কূটনীতিকসকলক বিদেশী সাহায্য অনাৰ আবেদন জনাই আহিছে । ধাৰণা কৰা হৈছে, যিসকল সাহায্য অনাত সফল হোৱা নাই, তেওঁলোকৰ ক্ষেত্রতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

যুদ্ধৰ বিৰুদ্ধে সৰৱ হ’লেও ভাৰতে ৰাছিয়াৰ স’তে এতিয়াও অর্থনৈতিক সম্পর্ক বজায় ৰাখি চলিছে । আনহাতে, জার্মানীয়ো ইন্ধনৰ বাবে ৰাছিয়াৰ ওপৰত নির্ভৰশীল । সেই সম্পর্ক এতিয়াও অটুট ৰাখি চলিছে তেওঁলোকেও । ইয়াক কূটনৈতিক ব্যর্থতা বুলি ধাৰণা কৰিছে জেলেনস্কিয়ে । সেয়ে সংশ্লিষ্ট দেশসমূহৰ ৰাষ্ট্রদূতক বৰ্খাস্ত কৰা হ’ল বুলি ধাৰণা কৰিছে কূটনৈতিক বিশেষজ্ঞসকলে ।

Exit mobile version