১৪ জুলাইত সভাপতি নির্বাচন সন্দৰ্ভত গুৰুত্বপূর্ণ বৈঠক কংগ্রেছৰ, ইয়াৰ পূৰ্বেই বিদেশ ভ্ৰমণ ৰাহুল গান্ধীৰ

Rahul Gandhi 1

বৃহস্পতিবাৰে কংগ্রেছৰ (Congress) গুৰুত্বপূর্ণ বৈঠক । সেই বৈঠকত দলীয় সভাপতি নির্বাচনক লৈ গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হ’ব । ‘ভাৰত জ’ৰ’ যাত্রা’ক লৈও আলোচনা হ’ব । অহা দুই অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই কাৰ্যসূচীৰ মাধ্যমত কেন্দ্রক চাপত ৰখাৰ চেষ্টা হ’ব । কিন্তু এনে গুৰুত্বপূর্ণ বৈঠকতেই উপস্থিত নাথাকিব ৰাহুল গান্ধী (Rahul Gandhi) । দলৰ প্রাক্তন সভাপতি ইতিমধ্যে ইউৰোপ উদ্দেশ্যি ৰাওনা হৈছে । যাক লৈ নতুনকৈ বিতর্ক আৰম্ভ হৈছে ।

দলৰ গুৰুত্বপূর্ণ বৈঠক তথা অন্য কোনো গুৰুত্বপূর্ণ সময়ৰ আগতেই বিদেশ যাত্রা অৱশ্যে ৰাহুলৰ এয়ে প্রথম নহয় । ইয়াৰ আগতেও যোৱা বছৰৰ ডিচেম্বৰত তেওঁৰ বিদেশ ভ্রমণক লৈ বিতর্ক হৈছিল । উত্তৰ প্রদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ- পাঁচ ৰাজ্যৰ নির্বাচনৰ আগতে প্রচাৰকাৰ্য আৰম্ভ হোৱাত পলম হৈ গৈছিল ৰাহুল দেশত নথকাৰ বাবে । যাৰ মূল্য পৰিশোধ কৰিবলগীয়া হৈছে নির্বাচনত । এটাৰ পাছত এটা পৰাজয়ৰ পাছত এইবাৰ পুনৰ উত্থানৰ বাবে উঠি-পৰি লাগিছে হাত । এনে পৰিস্থিতিতে বৃহস্পতিবাৰৰ বৈঠকত সভাপতি নির্বাচনক লৈ আলোচনা হ’ব । কিন্তু সেই বৈঠকতো উপস্থিত নাথাকিব ৰাহুলৰ । উল্লেখ্য, অহা দেওবাৰে দেশত উভতিব কংগ্রেছ নেতা ।

২০১৯ৰ লোকসভা নির্বাচনত বিজেপিৰ ধুমুহাত বিধ্বস্ত হৈ পৰিছিল কংগ্রেছ । ইয়াৰ পাছতেই সমস্ত ব্যর্থতাৰ দোষ নিজে জাপি লৈ দলীয় সভাপতিৰ দায়িত্ব ত্যাগ কৰিছে ৰাহুলে । ইয়াৰ পাছৰ পৰাই অন্তর্বর্তীকালীন সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি আহিছে ছোনিয়া গান্ধীয়ে । ইমান দিনে কৰা নাই সভাপতি নির্বাচন । কিন্তু এইবাৰ নতুন সভাপতি বাছি ল’ব বিচাৰিছে কংগ্রেছে ।

লগতে ৰাজস্থানৰ উদয়পুৰত আয়োজিত কংগ্রেছৰ চিন্তন দলৰ শেষ দিনাই ঘোষণা কৰা হৈছিল অহা দুই অক্টোবৰ মহাত্মা গান্ধীৰ জন্মদিনত কংগ্রেছে আৰম্ভ কৰিব ‘ভাৰত জ’ৰ’ যাত্রা’ । ১৯৪২ত কংগ্রেছ ভাৰত চ’ৰ’ আন্দোলন কৰিছিল । তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ২০২২ত এইবাৰ কংগ্রেছে আৰম্ভ কৰিব ‘ভাৰত জ’ৰ’ যাত্রা’ । কোৱা হৈছে, এই যাত্রাৰে দেশৰ মানুহক ঐক্যবদ্ধ কৰাৰ লক্ষ্যমাত্রাই আছে কংগ্রেছৰ । এই বিষয়তো আলোচনা হোৱাৰ কথা বৈঠকত । কিন্তু এনে গুৰুত্বপূর্ণ বৈঠকত ৰাহুলৰ অনুপস্থিতিক লৈ স্বাভাৱিকভাৱেই বিতর্কৰ সৃষ্টি হৈছে । অৱশ্যে দলৰ তৰফৰ পৰা এতিয়াও স্পষ্টভাৱে একো জনোৱা নাই এই বিষয়ত । কিন্তু কিয় এনে এক বৈঠকত ৰাহুল উপস্থিত নাথাকিব, তাক লৈ প্রশ্ন উত্থাপন কৰিছে সংশ্লিষ্ট মহলে ।

Exit mobile version