Bengaluru : শ্ৰেণী কোঠাত হঠাৎ সংজ্ঞাহীন হৈ পৰিল শিক্ষাৰ্থী আৰু শিক্ষক ! বেংগালুৰুত চাঞ্চল্য

images1293 5d39bd250cf91 1024x683 1

বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে বিয়লি ১১ বজাত হঠাৎ বিভিন্ন শ্ৰেণীৰ শিক্ষাৰ্থী সংজ্ঞাহীন হৈ পৰে ! ইয়াৰ পাছতে অজ্ঞান হৈ পৰে কে’বাগৰাকী শিক্ষকসহ অন্যান্য কর্মচাৰীও ।

উক্ত ঘটনাৰ ফলত চাঞ্চল্যৰ সৃষ্টি হৈছে কর্নাটকৰ ৰাজধানী বেংগালুৰুত । আৰক্ষী সূত্রে খবৰ, কেংগাৰু চহৰাঞ্চলত বেচৰকাৰী বিদ্যালয়খনৰ তৃতীয়, চতুর্থ, পঞ্চম আৰু ষষ্ঠ শ্রেণীৰ কিছুসংখ্যক শিক্ষাৰ্থী সংজ্ঞাহীন হৈ পৰে । কেইজনমান কর্মচাৰীৰো একেই উপসর্গ দেখা দিয়ে । তেওঁলোকক হাস্পাতালত ভর্তি কৰোৱা হয় ।

অৱশ্যে সকলোৱে দ্রুত সুস্থ হৈ গৈছে । প্রাথমিকভাৱে ধাৰণা কৰা হৈছে, গেছ লিকৰ বাবে এনে হৈছে । স্কুল কেন্টিনৰ কেটাৰিঙৰ দায়িত্বপ্রাপ্ত সংস্থাৰ ঘৰত গেছ লিক কৰিছিল বুলি অনুমান কৰা হৈছে । অৱশ্যে সংশ্লিষ্ট বিদ্যালয় কর্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হৈছে, এনে কোনো ঘটনা তেওঁলোকৰ দৃষ্টিত পৰা নাই ।

Exit mobile version