COVID-19 : ক’ভিড আপডেট

Covid kerala 3

মঙলবাৰে কৰ’নাৰ লেখচিত্র নিম্নমুখী হৈ ১৪ হেজাৰ অতিক্ৰম কৰিলেও বিগত ২৪ ঘণ্টাত দেশজুৰি দৈনিক সংক্রমিতৰ সংখ্যা বাঢ়ি ১৮ হেজাৰ হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণাল‌য়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা বাঢ়ি হ’ল ১৮,৩১৩ । মঙলবাৰে এই সংখ্যা আছিল ১৪,৮৩০ । দেশত ৰাজ্যভিত্তিক দৈনিক সংক্রমণৰ তালিকাত শীর্ষত মহাৰাষ্ট্র । গত ২৪ ঘণ্টাত মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা দুই হেজাৰ অতিক্ৰম কৰিছে আৰু ৰাজ্যখনত দৈনিক সংক্রমিতৰ সংখ্যা ২,১৩৫ । ইয়াৰ পাছতে আছে তামিলনাডু (১,৮৪৬), কেৰালা (১,৪৮৮), কর্নাটক (১,৪২৫) আৰু পশ্চিমবংগ (১,২৩২) ।

পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ বাঢ়ি হ’ল ৪.৩১ শতাংশ । মঙলবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৩.৪৮ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৫৭ জনৰ । ইয়াৰ ভিতৰত কেৰালাত মৃতৰ সংখ্যা সর্বোচ্চ । বিগত ২৪ ঘণ্টাত কেৰালাত ১৯ জন লোক কৰ’নাত আক্রান্ত হৈ মৃত্যু হৈছে । ইয়াৰ উপৰি মহাৰাষ্ট্রত ১২ জন, পশ্চিমবংগত সাতজন, মেঘালয়ত চাৰিজনৰ মৃত্যু হৈছে ।

দিল্লী, ওড়িছা আৰু বিহাৰত দুজন, উত্তৰ প্রদেশ, কর্নাটক, গুজৰাট, ছত্তীছগঢ়, মধ্যপ্রদেশ, পঞ্জাৱ, হিমাচল প্রদেশ, চণ্ডীগড়, নগালেণ্ডত ক’ভিডত আক্রান্ত হৈ এজনকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । মঙলবাৰে এই সংখ্যা আছিল ৩৬ । পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৮ হেজাৰ ৭৩০ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ২০,৭৪২ জন লোক সুস্থ হৈছে । দেশজুৰি মুঠ সুস্থ হৈছে চাৰি কোটি ৩২ লাখ ৬৭ হেজাৰ ৫৭১ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৪৭ শতাংশ । এই পর্যন্ত দেশত ২০২ কোটি ৭৯ লাখ ৬১ হেজাৰ ৭২২ টিকাকৰণ হৈছে ।

Exit mobile version