Russia-Ukraine War : ফেছন পত্রিকাৰ বাবে পত্নীৰ স’তে ফটোশ্বুটত মগ্ন জেলেনস্কি, বিশ্বজুৰি সমালোচনাৰ প্লাৱন

vogue

ঘড়ীৰ কাঁটাৰ সমানে সমানে আক্রমণৰ তীব্রতা বঢ়াইছে ৰাছিয়াই । কিয়েভ দখলৰ পথত আগবাঢ়িছে পুটিনৰ বাহিনী । কার্যত ধূলিস্যাৎ ইউক্রেইনৰ অর্থনীতি । যুদ্ধৰ লগতে ক্ষুধাৰ প্রবল প্ৰকোপ দেশজুৰি । ইয়াৰ মাজতেই হঠাৎ প্রকাশ্যত আহিল এটা ফেছন পত্রিকাৰ বাবে পত্নীৰ স’তে ফটোশ্বুট কৰিছে ইউক্রেইন ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে । দেশ বিপন্ন হৈ থকাৰ সময়তে ছবি তুলিছে ৰাষ্ট্ৰপতিয়ে ! এই ছবি ভাইৰেল হৈ পৰাৰ পাছতেই সমালোচনা আৰম্ভ হৈছে ।

যোৱা ২৪ ফেব্রুৱাৰীত বিশেষ সামৰিক অভিযানৰ নামত ইউক্রেইন আক্রমণ কৰে ৰাছিয়াই । ৰাছিয়াতকৈ বহু যোজন পিছুৱাই থকা সত্ত্বেও কেৱল মনৰ জোৰত ‘ছুপাৰ পাৱাৰ’ ৰাছিয়াক ৰোধ কৰিবলৈ সক্ষম হৈছিল ইউক্রেইন । যুদ্ধৰ আৰম্ভণিতে জেলেনস্কিক সেনাৰ পোছাক পৰিধান কৰি হাতত বন্দুক লৈ ওলাই অহা পৰিলক্ষিত হৈছিল । সেই ছবিয়ে সমগ্ৰ বিশ্বত বিস্তৰ প্ৰশংসা লাভ কৰে । ইউক্রেইনীয়সলৰ যুদ্ধৰ শক্তিৰ প্রতীক হৈ পৰে জেলেনস্কি । তাৰ পাছত অকলশৰেই কটালে কে’বা মাহ । হঠাৎ সেই ছবিৰ সম্পূৰ্ণ ওলোটা । দেশে ৰাছিয়াৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে, ৰাষ্ট্ৰপতি জেলেনস্কিক দেখা গ’ল এটা ফেছন পত্রিকাল বাবে পত্নীৰ স’তে ছবি তোলা ।

দেশে মৰণপণ যুঁজি থকাৰ সময়তে ৰাষ্ট্ৰপতিয়ে পত্নীৰ স’তে ছবি তোলিছে ! প্রসংগত, ছবিবোৰ নিজৰ সামাজিক মাধ্যমৰ পেজত শ্বেয়াৰ কৰিছে ইউক্রেইনৰ ফাৰ্ষ্ট লেডি অ’লেনা জেলেনস্কাই । এই ছবি দেখি সমালোচনা আৰম্ভ হৈছে ৰাষ্ট্ৰপতিৰ । প্রশ্ন উঠিছে, অৱশেষত পৰাজয় স্বীকাৰ কৰিলে নেকি জেলেনস্কিয়ে ?

Exit mobile version