Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

মৌলবাদীৰ ভাবুকি

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
August 1, 2022
in Opinion
Reading Time: 1 min read
0
মৌলবাদীৰ ভাবুকি
1
SHARES
9
VIEWS
ShareShareShareShare

বাংলাদেশী জেহাদী সংগঠনে অসমতো ইয়াৰ কৰ্যকলাপৰ প্ৰসাৰ ঘটাইছে বুলি আৰক্ষীয়ে অব্যাহত ৰখা অভিযানে বিগত কিছুদিনত যথেষ্ট প্ৰচাৰ লাভ কৰিছে । ঘাইকৈ বৰপেটা আৰু মৰিগাঁও জিলাৰ লগতে গুৱাহাটী মহানগৰীতো প্ৰায় এডজন লোকক জেহাদী গোটৰে সম্পৰ্ক থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধ-পোছ অব্যাহত ৰাখিছে । মৰিগাঁও জিলাৰ দুজন ধৰ্মীয় মাদ্ৰাছাৰ শিক্ষককো এই অভিযান কালত মৌলবাদী সংগঠনৰ হৈ কাম কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ।

ADVERTISEMENT

উক্ত মাদ্ৰাছালৈ বিদেশী পুঁজিৰ আগমনৰ তথ্য উদ্ধাৰ হৈছে বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে । সেইবাবে উক্ত মাদ্ৰাছা দুখন উচ্ছেদৰ উদ্দেশ্যে বুলড’জাৰ আদি সংশ্লিষ্ট স্থানলৈ নিছিল যদিও কোনো কাৰণত সেই কাৰ্য স্থগিত ৰাখে আৰু মাদ্ৰাছা দুখন ছীল কৰাতে ক্ষান্ত থাকে । মাদ্ৰাছাৰ স’তে এনেদৰে জেহাদি শক্তিৰ পোনপটীয়া সম্পৰ্ক উদ্ধাৰৰ পাছতে আৰক্ষী বাহিনী অধিক সতৰ্ক হৈছে । এই সম্পৰ্কৰ আঁত ধৰি ৰাজ্যত আন দুশখন এনে মাদ্ৰাছাক তদন্তৰ আওতালৈ আনিবলৈ আৰক্ষীয়ে পৰিকল্পনা কৰিছে । একাংশ মাদ্ৰাছাৰ জৰিয়তে ধৰ্মীয় শিক্ষাদানৰ নামত মৌলবাদক উৎসাহিত কৰি অহা বুলি দীৰ্ঘদিনীয়া অভিযোগ আছে । চৰকাৰে আনকি ইতিমধ্যে এনে ধৰ্মীয় মাদ্ৰাছাসমূহ বন্ধ কৰি দিবলৈ অথবা এইবোৰলৈ কোনো ধৰণৰ সাহায্য-অনুদান নিদিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

Delhi Blast Update :দিল্লী বিস্ফোৰণ সন্দৰ্ভত ৪ জনক আটক নিয়াৰ

Delhi Incident:দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰে পাকিস্তান সংযোগৰ সন্দেহ নিয়াৰ

গতিকে মাদ্ৰাছালৈ বিদেশী পুঁজিৰ আগমন আৰু ইয়াৰ শিক্ষকৰ মৌলবাদী সংগঠনৰে যোগাযোগৰ তথ্য উদ্ধাৰে আৰক্ষী তথা চৰকাৰৰ ভাষ্যকে অধিক মান্যতা দিছে । আৰক্ষীৰ অভিযানৰ পাছতে ঘাইকৈ উগ্ৰপন্থীকেন্দ্ৰিক তদন্তৰ বাবে বিশেষভাৱে গঠিত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন‌আই‌এ)ও তৎপৰ হৈছে । ইতিমধ্যে এন‌আই‌এৰ দলে ইয়াৰ তদন্ত আৰম্ভ কৰি দিছে ।

বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰ ভাৰত উপ-মহাদেশৰ সহযোগী সংগঠন আনছাৰ‌উল্লাহ বাংলা টীম (এবিটি)ৰ নেতৃত্বতে শেহতীয়াভাৱে ৰাজ্যত এনেদৰে মৌলবাদী-জেহাদী সংগঠনে শিপা মেলিছে বুলি আৰক্ষীয়ে সদৰী কৰিছে । প্ৰব্ৰজনকাৰী মুছলমান অধ্যুষিত জিলাত এই সংগঠনৰ সক্ৰিয়তা গঢ় লৈ উঠিছে বুলি কোৱা হৈছে । সম্প্ৰতি বৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰ কিছুসংখ্যক লোক এবিটিৰ স’তে জড়িত হৈছে আৰু আন বহুসংখ্যকক সংগঠনটোৱে বিভিন্ন প্ৰকাৰে জেহাদী কাৰ্যকলাপৰ বাবে উৎসাহিত কৰিবলৈ চেষ্টা চলাই আহিছে । ইয়াৰ পূৰ্বেও বাংলাদেশৰেই জামাতুল মুজাহিদীন বাংলাদেশ (জেএম‌বি) নামৰ সংগঠনটোৱে পশ্চিমবংগৰ সমান্তৰালভাৱে অসমতো ইয়াৰ ঘাটি গঢ়ি তুলিছিল । পৰৱৰ্তী পৰ্যায়ত এনে কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত কে’বাজনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁলোকে দীৰ্ঘদিন ধৰি কাৰাবাস খাটিবলগীয়া হৈছে । অৱশ্যে এইসকলৰ অধিকাংশৰে অপৰাধ আদালতত প্ৰমাণিত কৰাটো সম্ভৱ হৈ উঠা নাই আৰু ফলস্বৰূপে খালাচ পোৱাৰ বাট মুকলি হৈ পৰে ।

লক্ষ্যণীয় যে ৯০ দশকৰ শেষৰফালে ৰাজ্যত কে’বাজনো লোকক পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ এজেণ্টৰূপে সন্দেহ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ] কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল । প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ কাৰ্যকালত স্বয়ং গুৱাহাটী মহানগৰীতে এনেদৰে দুৰ্ধৰ্ষ আইএছআইৰ এজেণ্ট গ্ৰেপ্তাৰ] কৰাতে ক্ষান্ত নাথাকি এইসকলে কেনেদৰে ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা ৰচিছিল সেই বিষয়েও আৰক্ষীয়ে ফলাওকৈ প্ৰচাৰ কৰিছিল । যিমান দূৰ মনত পৰে বৰ্তমানৰ অসম আৰক্ষীৰ মুৰব্বীগৰাকীয়েই সেই সময়ত গুৱাহাটী মহানগৰ আৰক্ষীৰ অধীক্ষক আছিল আৰু তেৱেঁই সেই অভিযানৰ নেতৃত্ব প্ৰদান কৰিছিল । অৱশ্যে পৰৱৰ্তী সময়ত তাৰে এজনৰ বিৰুদ্ধেও আৰক্ষীয়ে কোনো অভিযোগ আদালতত প্ৰমাণ কৰিবলৈ সক্ষম নহ’ল । মূল অভিযুক্ত বুলি দাবী কৰা লোকজনে কমেও ডেৰ দশক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থাকিল । পাছত তেওঁকো আদালতে দোষমুক্ত কৰি স-সন্মানে বন্দিত্বৰ পৰা মুক্তি দিয়ে । দৰাচলতে খুচুৰা বস্ত্ৰ ব্যৱসায়ৰ উদ্দেশ্যেহে বহিঃৰাজ্যৰ পৰা তেওঁলোক অসমলৈ আহিছিল বুলি স্পষ্ট হৈ পৰে । এনে অভিযানৰ প্ৰচাৰৰ জৰিয়তে সেই সময়ত আৰক্ষীয়ে বাঃ বাঃ ল’বলৈ সক্ষম হ’লেও নিৰীহ নাগৰিকক যে কেৱল সন্দেহৰ বশৱৰ্তী হৈ বছৰৰ পাছত বছৰ ধৰি কাৰাগাৰত বন্দী কৰি থোৱা হৈছিল সেয়াও স্পষ্ট হৈ পৰে । বিনাদোষে এনেদৰে জেল খাটি এক ধ্বংসপ্ৰাপ্ত জীৱন লৈ স্বগৃহলৈ প্ৰত্যাৱৰ্তন কৰিবলগীয়া হৈছিল উল্লেখিত অভিযুক্তই ।

কেৱল অসমেই নহয়, সমগ্ৰ ভাৰততে ইছলামিক মৌলবাদী শক্তিয়ে বিশেষ উদ্দেশ্যৰে বিগত কে’বা দশক ধৰি কূটাঘাতেৰে অশান্তি সৃষ্টিৰ অপচেষ্টা চলাই আহিছে । মুম্বাইকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ চহৰ-মহানগৰত এনে মৌলবাদী সংগঠনে ভয়াৱহ কূটাঘাত সংঘটিত কৰি শ শ নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিছে আৰু আন বহুতকে চিৰদিনৰ বাবে ঘুণীয়া কৰিছে । তদুপৰি এনেবোৰ ঘটনাত সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হৈছে । চৰম দুৰ্ভাগ্যজনক এয়ে যে এনে কূটাঘাতৰ জৰিয়তে ধন-জনৰ উপৰি সবাতোকৈ অধিক যি ক্ষতি সাধন হৈছে সেয়া হৈছে, দেশত দুই বৃহৎ গোষ্ঠীৰ মাজত এক ধৰণৰ অবিশ্বাসৰ ৰেখা টানি দিয়া হৈছে । শুভবুদ্ধি সম্পন্নসকলৰ ব্যাপক প্ৰচেষ্টাৰ পাছতো দিনে-দিনে হিন্দু-মুছলমানৰ মাজত সেই বিভাজন অধিক বৃদ্ধিহে পাইছে ।

দীৰ্ঘকাল ধৰি ভাৰতৰ ওপৰত কেতবোৰ অপশক্তিৰ শেনচকু পৰি আহিছে বুলি চৰ্চিত হৈ আহিছে । সময়ে সময়ে বিভিন্ন মৌলবাদী সংগঠনে মূৰ দাঙি উঠি পৰিৱেশ জটিল কৰি তুলিছে । এনে এটি সংগঠন হৈছে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই) । দাক্ষিণাত্যক কেন্দ্ৰ কৰি দেশৰ কমেও ২৩ খন ৰাজ্যত ইতিমধ্যে শক্তিশালী ভেটি গঢ়ি তুলিবলৈ সক্ষম হোৱা এই সংগঠনটোৱে আৰম্ভণিৰে পৰা ভাৰতবিৰোধী কাৰ্যকলাপত জড়িত হৈ আহিছে বুলি কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহে অভিযোগ কৰি আহিছে । সংগঠনটোৱে আনকি বিদেশী শক্তিৰ পৰা পুঁজি আৰু অন্যান্য সহায়-সহযোগিতা লাভ কৰি আহিছে বুলিও সততে অভিযোগ কৰা হৈছে । অৱশ্যে পিএফআয়ে এনেবোৰ অভিযোগ খণ্ডন কৰিছে ।

লক্ষ্যণীয় যে অলপতে পাটনাত চলোৱা এক অভিযানৰ পাছত আৰক্ষীয়ে সদৰী কৰে যে তেওঁলোকে ‘ভাৰত ২০৪৭ঃ ইছলামিক শাসনৰ দিশে’ শীৰ্ষক পিএফআইৰ নথি উদ্ধাৰ কৰিছে । পাটনা আৰক্ষীয়ে দাখিল কৰা এজাহাৰত উল্লেখ কৰা হৈছে যে উল্লেখিত নথিত সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ক মষিমূৰ কৰি ভাৰতত পুনৰ ইছলামৰ গৌৰৱ স্থাপনৰ কথা কোৱা হৈছে । তাৰবাবে প্ৰয়োজন সাপেক্ষে তুৰ্কী আৰু অন্যান্য ইছলামিক দেশৰ সাহায্য লাভৰ বিষয়েও উল্লেখ কৰা হৈছে । এনে পৰিপ্ৰেক্ষিততে দেশৰ সুৰক্ষা তথা অখণ্ডতাৰ বাবে পিএফআইক এক প্ৰচণ্ড ভাবুকিৰূপে কেন্দ্ৰীয় চৰকাৰে চিহ্নিত কৰিছে আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ পোষকতা কৰি আহিছে । যোৱা শনিবাৰে অল ইণ্ডিয়া চুফী সক্নাদানাশ্বিন কাউন্সিলে আয়োজন কৰা আন্তঃধৰ্মীয় সন্মিলনত পিএফআইক নিষিদ্ধকৰণৰ বাবে গৃহীত প্ৰস্তাৱে বিশেষ ইংগিত বহন কৰিছে । লক্ষ্যণীয়ভাৱে এই অধিবেশনত কেন্দ্ৰীয় চৰকাৰৰ কোনো মন্ত্ৰীৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল উপস্থিত থাকে ।

অধিৱেশনত তেওঁ কয় যে দেশত কিছু অপশক্তিয়ে ধৰ্মৰ নামত অশান্তি আৰু সংঘৰ্ষমুখৰ পৰিৱেশ সৃষ্টিৰ বাবে অহৰহ অপচেষ্টা চলাই আহিছে । সমগ্ৰ দেশকে ই প্ৰভাৱিত কৰাৰ লগতে ভাৰতৰ বাহিৰতো বিস্তাৰ লাভ কৰাটো দুৰ্ভাগ্যজনক । ডোভালে এই প্ৰসংগতে কয়, ‘এনে পৰিস্থিতিত নীৰৱ দৰ্শক হৈ থকাৰ পৰিৱৰ্তে আমাৰ কথাবোৰ দৃঢ়তাৰে দাঙি ধৰাৰ লগতে আমাৰ মতভেদবিলাক দূৰ কৰিবলৈ তৃণমূল পৰ্যায়ত কাম কৰিব লাগিব । দেশৰ প্ৰতিটো সম্প্ৰদায়ক আমি অনুভৱ কৰাব পাৰিব লাগিব যে আমি একেখন দেশৰ । এই দেশত প্ৰতিটো ধৰ্মকে স্বাধীনভাৱে পালন কৰিব পাৰি আৰু তাক লৈ আমি গবিৰ্ত ।’

এই অধিবেশনত গ্ৰহণ কৰা আঠোটা প্ৰস্তাৱৰ অন্যতম হৈছে পিএফআইক নিষিদ্ধকৰণৰ পোষকতা কৰাটো । দেশবিৰোধী কাৰ্যকলাপত লিপ্ত তথা বিভাজনকাৰী কৰ্মসূচীৰে আগবাঢ়ি পিএফআয়ে দেশবাসীৰ মাজত সংঘাতৰ সৃষ্টি কৰি আহিছে আৰু সেয়েহে দেশৰ আইন অনুসৰি এই সংগঠনটোক নিষিদ্ধ ঘোষণা কৰিব লাগে বুলি প্ৰস্তাৱত কোৱা হয় । ইয়াৰ লগতে বিভিন্ন সম্প্ৰদায়ৰ মাজত অশান্তি সৃষ্টিৰ অপচেষ্টা চলোৱা যিকোনো ব্যক্তি বা সংগঠনৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰো প্ৰস্তাৱ গ্ৰহণ কৰে বহু ধৰ্মীয় গুৰুৱে অংশগ্ৰহণ কৰা এই সন্মিলনে ।

লক্ষ্যণীয় যে শেহতীয়া কে’বাটাও ঘটনাৰ পৰিপ্ৰেক্ষিতত ভাৰতত মুছলমান সম্প্ৰদায় বিদ্বেষৰ বলি হ’বলগীয়া হৈছে বুলি উত্থাপিত অভিযোগক লৈ দেশৰ ভিতৰে-বাহিৰে চৰকাৰ অস্বস্তিত ভুগিবলগীয়া হৈছে । এনে পৰিপ্ৰেক্ষিতত পিএফআইৰ দৰে সংগঠনৰ বিৰুদ্ধে নিষিদ্ধকৰণ অথবা আন কোনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে চৰকাৰ অধিক সমালোচনাৰ সন্মুখীন হোৱাৰ শংকা নথকা নহয় । সেয়েহে সবৰ্ভাৰতীয় ধৰ্মীয় সংগঠনৰ সন্মিলনৰ জৰিয়তে পিএফআই তথা তেনে ধৰণৰ ব্যক্তি-সংগঠনক নিষিদ্ধকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰে নিজৰ স্থিতি সুৰক্ষিত কৰি ল’ব বিচাৰিছে ।

কেৱল আৰক্ষীৰ অভিযানেৰে দেশৰ পৰা মৌলবাদী শক্তিক মষিমূৰ কৰাটো যে সম্ভৱ নহয়, সেয়া ইতিমধ্যে স্পষ্ট হৈছে । এটা সম্প্ৰদায়ৰ মনত বঞ্চনাৰ বেদনা থকালৈকে নতুন নতুন সংগঠনৰ জন্ম হৈয়ে থাকিব । গতিকে দেশৰ প্ৰতিটো ধৰ্ম-সম্প্ৰদায়ৰ মাজৰ পৰা বঞ্চনাৰ মনোভাৱ আঁতৰ কৰাতহে সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন । তাৰ বাবে চৰকাৰে প্ৰতিটো সম্প্ৰদায়কে আস্থাত লৈ তেওঁলোকৰ স’তে আলোচনাৰ মাধ্যমেৰে অগ্ৰসৰ হ’ব লাগিব । কোনো এটা পক্ষক অপৰাধী সজোৱাৰ চেষ্টা চলাই পৰিস্থিতি অধিক জটিল কৰি তোলাৰ পৰিৱৰ্তে ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িব লাগিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ABTNIApranjal sen deka
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d