Monkeypox : দিল্লীত তৃতীয় মাংকিপক্স সংক্রমিতৰ সন্ধান, দেশত আক্রান্তৰ সংখ্যা হ’ল আঠ

Monkeypox 1 1

ৰাজধানী দিল্লীত ২৪ ঘণ্টাৰ ভিতৰতেই পুনৰ এজন মাংকিপক্স আক্রান্তৰ সন্ধান পোৱা গৈছে । আক্রান্ত মহিলাগৰাকীক এলএনজেপি হাস্পাতালত ভর্তি কৰোৱা হৈছে । তেওঁ আফ্রিকাৰ এখন দেশৰ নাগৰিক বুলি সূত্রৰ খবৰ । তেওঁৰ শৰীৰত জ্বলা ফোটা, জ্বৰসহ মাংকিপক্সৰ নানা উপসর্গ আছে ।

সোমবাৰে আফ্রিকাৰ এখন দেশৰ ৩৫ বছৰীয়া এগৰাকী নাগৰিকৰ শৰীৰত মাংকিপক্স সংক্রমণৰ সন্ধান পোৱা গৈছিল দিল্লীত । আক্রান্ত ৰোগীকো দিল্লী চৰকাৰী এলএনজেপি হাস্পাতালত ভর্তি কৰোৱা হয় । সম্প্রতি তেওঁ বিদেশত ভ্রমণ কৰা নাই বুলি আফ্রিকাৰ ব্যক্তিগৰাকীৰ দাবী ।

ইয়াকে লৈ দেশত মুঠ আঠজন মাংকিপক্স সংক্রমিতৰ সন্ধান পোৱা গৈছে । মঙলবাৰে পুৱা কেৰালাত পঞ্চম মাংকিপক্স আক্রান্তৰ সন্ধান পোৱা গৈছে । যুৱকজন সংযুক্ত আৰৱ আমিৰশ্বাহিৰ পৰা কেৰালাত উভতিছিল বুলি জনাইছে কেৰালাৰ স্বাস্থ্যমন্ত্রী বীণা গর্গে ।

চৰকাৰী সূত্র অনুসৰি, যোৱা ২৭ জুলাইত তেওঁ কোঝিকোৰ বিমানবন্দৰত অৱতৰণ কৰে । ৩০ বছৰ বয়সৰ যুৱকজনক মলপ্পুৰমৰ হাস্পাতালত ভর্তি কৰোৱা হৈছে ।

প্রসংগত, মাংকি ভাইৰাছত আক্রান্ত হৈ দেশত প্রথম মৃত্যুৰ ঘটনা প্রকাশ্যত আহিছে কেৰালাৰ ত্রিশূৰত । মাংকিপক্সত সংক্রমিত হৈ মৃত ২২ বছৰৰ যুৱক সম্প্রতি সংযুক্ত আৰৱ আমিৰশ্বাহিৰ পৰা উভতিছিল বুলি কেৰালা চৰকাৰৰ তৰফৰ পৰা সোমবাৰে জনোৱা হৈছে ।

Exit mobile version