Rough Sea : বিশাল ঢৌত উলোটি পৰিল ট্রলাৰ, পানীত ছিটিকি পৰিল মৎস্যজীবী, ভয়ংকৰ ভিডিঅ’ প্রকাশ্যত

1659437779 fisherman

মাছ ধৰি পাৰলৈ উভতি আছিল মৎস্যজীবীসকলৰ ট্রলাৰ । প্রবল বতাহত সমুদ্র উত্তাল হৈ আছিল । ফলত যিমানে পাৰৰ কাষ চাপিছিল ট্রলাৰটো, সিমানেই সমুদ্রৰ উত্তাল ঢৌৰ স’তে যুঁজ দিবলগীয়া হৈছিল । এটাৰ পাছত এটাকৈ উন্মত্ত ঢৌ নিয়ন্ত্ৰণ কৰি ট্রলাৰটো আগুৱাই গৈ আছিল । কিন্তু অৱশেষত ৰক্ষা নপৰিল ।

বিশাল এটা ঢৌত উলোটি পৰিল ট্রলাৰৰ ওপৰ অংশ । সেই ঢৌ নিয়ন্ত্ৰণ গৈ ট্ৰলাৰৰ এটা ফাল উলোটি যায় । লগে লগে ট্রলাৰৰ খোলা অংশত থিয় হৈ থকা মৎস্যজীবীসকলৰ কেইজনমান ছিটিকি পৰে সমুদ্রত । তাৰ পাছতেই সমুদ্রৰ বিশাল ঢৌৰ জলৰাশিত মিলিত হৈ যায় ।

মৎস্যজীবীসকলৰ সংগঠনৰ সূত্রে অনুসৰি, সমুদ্রত পৰি যোৱা মৎস্যজীবীসকলক ৰক্ষা কৰিবলৈ ওচৰ-পাজৰৰ ট্রলাৰ আহে । কথমপি ৰক্ষা পৰে কেইজনমান মৎস্যজীবী । ঘটনাটো কেৰালাৰ কোচিৰ ।

অৱশ্যে এই দুর্ঘটনাৰ পাছতো সুখী মৎস্যজীবীৰ দল । কিয়নো, এইবাৰৰ অভিযানত তেওঁলোকৰ জালত প্রচুৰ মাছ ধৰা পৰিছে । কোনো ট্রলাৰে দুই লাখ টকাৰ মাছ ধৰিছে । কোনো ট্রলাৰে আকৌ ৮০ হেজাৰ টকাৰো অধিক মাছ ধৰিছে বুলি কেৰালাৰ মৎস্যজীবী সংগঠনে জনাইছে ।

Exit mobile version