এটা ছাগলীক লৈ শহুৰ-জোঁৱায়েকৰ প্ৰচণ্ড মাৰপিট

কেমেৰাৰ সন্মুখতে বিল্ডিঙৰ পৰা জোঁৱাইয়েক মাৰিলে জাঁপ

LLoyd

এটা ছাগলীক লৈ শহুৰ-জোঁৱায়েকৰ প্ৰচণ্ড মাৰপিট | কেমেৰাৰ সন্মুখতে বিল্ডিঙৰ পৰা জোঁৱাইয়েক মাৰিলে জাঁপ ৷ গুৰুতৰভাৱে আহত জোঁৱায়েকক ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷

গোৱালপাৰা জিলাৰ যোগীঘোপা ঝাউকুৰা প্ৰথম খণ্ডত সংঘটিত হয় এই ঘটনা৷ ছাগলী এটাক লৈ সৃষ্টি হোৱা কন্দলৰ মীমাংসাৰ বাবে জামাল সৰকাৰ আৰু তেঁওৰ জোঁৱাই লোকমান আলী এক আলোচনাত মিলিত হয়৷ কিন্ত এই আলোচনাত লোকমান আলীৰ পক্ষৰ কিছুলোকে আপোচ মীমাংসাত অংশ লোৱাৰ বাবে খড়্গগ্ৰস্ত হৈ পৰে জামাল চৰকাৰ ৷

জামাল সৰকাৰৰ পক্ষৰ একাংশ লোকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে জোঁৱাই লোকমান আলীআৰ সহযোগি লোকক ৷ প্ৰাণৰ মমতাত প্ৰহাৰৰ পৰা বাচিবলৈ দুমহলীয়া অট্টালিকা এটাৰ পৰা পানীত জাঁপ দিয়ে জোঁৱাই লোকমান আলীৰ লগতে একাংশই। ইতিমধ্যে ঘটনা সন্দৰ্ভত যোগীঘোপা থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী লোকমান আলীয়ে৷ এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ঝাউকুৰা প্ৰথম খণ্ডত ৷

Exit mobile version