দেশৰ ৰে’ল মন্ত্ৰণালয়ৰ দায়িত্ব লোৱাৰ পিছৰে পৰা অশ্বিনী বৈষ্ণৱে ৰে’ল বিভাগত বৃটিছৰ দিনৰে পৰা চলি অহা বহু কেইটা পুৰণি পৰম্পৰা অন্ত পেলাই ৷ ৰে’লৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ থকা ৰে’ল সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফৰ জোৱানক নিয়োজিত দিয়া হৈছিল ৰে’ল মন্ত্ৰণালয়ৰ লগতে দেশৰ বিভিন্ন জিএম কাৰ্যালয়ত ৷
ইয়াত নিয়োজিত হৈ থকা জোৱান সকলৰ কাম আছিল কেবল অভিবাদন জনোৱা ৷ ৰে’ল পথত অভিবাদন জনোৱা শতিকা পুৰণি পৰম্পৰা দীৰ্ঘদিনৰ পৰা অব্যাহত আছিল ৷
কিন্তু ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এইয়া অলাগতিয়াল পৰম্পৰা বুলি অভিহিত কৰি ইয়াক বন্ধৰ নিৰ্দেশ দিয়ে৷ তেওঁ কয়, এই পৰম্পৰা বন্ধ কৰাৰ মুল কথাটোৱে হৈছে জেনেৰেল মেনেজাৰ আৰু ৰে’লৰ জ্যেষ্ঠ বিষয়া সকলে সদায় নিজকে বিশেষ বুলি ভাবিব নালাগে৷ ইয়াত কৰ্মৰত সকলোৱে সমান আৰু ৰাইজৰ বাবে কাম কৰে৷ থিক একেদৰে আৰ পি এফ জোৱানজনো ৰে’ল বিভাগত নিয়োজিত হৈ থকা সূত্ৰে তেওঁৱে একেই সন্মান প্ৰাপক৷