Independence Day : স্বাধীনতা দিৱসৰ আগমুহূৰ্তত ধ্বংসাত্মক পৰিকল্পনা বিফল কৰিলে পঞ্জাৱ আৰক্ষীয়ে

গ্রেপ্তাৰ চাৰি, উদ্ধাৰ হল অস্ত্র-শস্ত্র

1660472114 new project 23

স্বাধীনতাৰ ৭৫ বছৰ পূর্তিৰ ঠিক আগমুহূৰ্তত বৃহৎ ধ্বংসাত্মক কূটাঘাতৰ পৰিকল্পনা ভংগ কৰিলে পঞ্জাৱ আৰক্ষীয়ে । দিল্লী আৰক্ষীৰ সহায়ত এই অভিযান চলোৱা হয় । তালাচী-অভিযানত চাৰি ‘সন্ত্ৰাসবাদী’ক গ্রেপ্তাৰ কৰা হৈছে । কুখ্যাত সন্ত্ৰাসবাদী বুলি পৰিচিত অর্শ দাল্লা, গুৰজন্ত সিঙৰ সহযোগী বুলি দাবী । অর্শ‌ই বর্তমান কানাডাত আশ্ৰয় লৈ আছে আৰু গুৰজন্তে অষ্ট্ৰেলিয়াত । পঞ্জাৱ আৰক্ষীৰ দাবী, পাকিস্তানৰ গুপ্তচৰ সংস্থা ‘আইএছআই’-ৰ সহায়তেই ধ্বংসাত্মক পৰিকল্পনা কৰা হৈছিল ।

ধৃত চাৰি সন্ত্ৰাসবাদীৰ শিবিৰত তালাচী চলাই তিনিটা হেণ্ড গ্রেনেড, এটা আইইডি, দুটা ন এমএম পিষ্টল, ৪০টা কার্তুজ উদ্ধাৰ কৰা হৈছে বুলি জনায় পঞ্জাৱৰ ডিজিপি-য়ে (ডিৰেক্টৰ জেনেৰেল অৱ আৰক্ষী) । পঞ্জাৱ আৰক্ষীৰ তৰফৰ পৰা এই তালাচী অভিযান সম্পর্কে এটা টুইট কৰা হয় । টুইটত লিখা হয়, ‘স্বাধীনতা দিৱসৰ ঠিক প্রাক্‌কালত পাক-আইএছআই-ৰ সহায়ত কৰা ধ্বংসাত্মক ঘটনাৰ পৰিকল্পনা বিফল কৰিলে পঞ্জাৱ আৰক্ষীয়ে । এই বিধ্বংসী পৰিকল্পনাৰ স’তে জড়িত চাৰিজনক গ্রেপ্তাৰ কৰা হৈছে যিসকল অর্শ দাল্লা আৰু গুৰজন্ত সিঙৰ সহযোগী ।’ এই ঘটনা প্রকাশ্যত অহাৰ পাছতেই পঞ্জাৱজুৰি নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

প্রসংগত, সম্প্রতি জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী হাবিবুল ইছলাম ওৰফে ছইফুল্লাক কানপুৰৰ পৰা গ্রেপ্তাৰ কৰিছে উত্তৰ প্রদেশ আৰক্ষীৰ সন্ত্ৰাসবাদী দমন শাখাই । ছইফুল্লাৰ বয়স ১৯ । তেওঁৰ ফেচবুক, টুইটাৰ, হোৱাটছ‌এপ্ পৰ্যবেক্ষণ কৰি উত্তৰ প্রদেশ আৰক্ষীৰ দাবী, সীমান্তৰ সিপাৰে কে’বাজনৰো স’তে নিয়মিত যোগাযোগত আছিল ধৃতজন ।

Exit mobile version