“অসমীয়া লিখাসকল গাদ্দাৰ”-প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ বক্তব্যত গৰজিল জাতীয় সংগঠন ২৪ ঘন্টাত গ্ৰেপ্তাৰৰ দাবী আছু-যুৱ ছাত্ৰৰ

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱৰ কাৰ্যসূচীত অংশ লৈ অসম বিদ্বেষী মন্তব্য কৰা প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা আব্দুল আজিজৰ বিৰুদ্ধে গৰজি উঠিছে দল সংগঠন । ৰূপহীৰ টি এন ইংলিছ অকাডেমি নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এক অনুষ্ঠানত অংশ লৈ আব্দুল আজিজে মন্তব্য কৰিছিল যে, যিসকলে নিজৰ মাতৃভাষাৰ সলনি অসমীয়া লিখিছিল সেই সকল গাদ্দাৰ, মিৰজাফৰ, বেইমান ৷ নিজ ভাষাক জলাঞ্জলি দিয়া বাবেই আজি মিঞা জাতিৰ ইমান অপমান বুলি প্ৰৰোচনামূলক মন্তব্য প্ৰকাশ কৰিছিল ৷ তেওঁৰ এই মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সৰ্বত্ৰে সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ অসমতে থাকি অসমীয়া ভাষা বিদ্বেষী মন্তব্যৰে সমাজখনত ভাঙোনৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা আজিজৰ এই মন্তব্যৰ তীব্ৰ প্ৰতিবাদ কৰে ৰূপহীহাটৰ বিভিন্ন ছাত্ৰ সংগঠনে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ নিৰ্দেশত ৰূপহী শাখাই বিজেপি নেতাজনৰ বিৰুদ্ধে ৰূপহীহাট থানাত ৰজু কৰে এক গোচৰ  ৷

যুৱ- ছাত্ৰ পৰিষদৰ নেতা আমিৰ হামজাই কয় যে ,ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ এগৰাকী মুছলমান লোক আছিল, তেওঁ নাজানো সেই কথা ৷  ইফালে আছুৱেই ৰূপহী চাৰিআলিত বিভিন্ন শ্ল’গান দি আব্দুল আজিজৰ বিৰোদ্ধে ক্ষোভ উজাৰে ৷ আছু ৰূপহী আঞ্চলিক সমিতিৰ উদ্যোগত বিজেপি নেতা আব্দুল আজিজৰ প্ৰতিমূৰ্তি দাহ কৰি তেওঁক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় অন্যথাই জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে আছু নেতা কুন্দল কুমাৰ বৰাই । আনহাতে ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাইও এসময়ৰ বিধায়কৰ এনে গৰ্হিত মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰিহণা দিয়া দেখা যায় ।

দল বাগৰাত সিদ্ধগ্ৰস্ত এসময়ৰ আমছু নেতা শেহতীয়াকৈ বিজেপি সংখ্যালঘু মৰ্চাৰ নেতা আব্দুল আজিজৰ বিতৰ্কিত বক্তব্য সন্দৰ্ভত অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, অসম আৰু অসমীয়া ভাষা বিদ্বেষী ভূমিকা লোৱা যি ব্যক্তিয়ে নহওক কিয়৷ তেনে লোকক কেতিয়াও প্ৰশ্ৰয় দিয়া নহয় ৷

Exit mobile version