কাশ্মীৰত ভয়ংকৰ পথ দুৰ্ঘটনা

দ’ খাৱৈত বাগৰিল সেনা জোৱান ভৰ্তি বাছ , নিহত ছয় জোৱান

jk bus accident1660633298727

মঙলবাৰে পুৱাতে কাশ্মীৰৰ চন্দনবাৰীত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ কাশ্মীৰত অব্যাহত থকা অমৰনাথ যাত্ৰাত অংশ লোৱা তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ স’তে নিয়োজিত থকা আইটি বিপি জোৱানক কঢ়িয়াই নিয়া বাছ এখন পথৰ কাষৰ এটা দ-খাৱৈত বাগৰি পৰে৷থিতাতে নিহত হয় ছজন জোৱান৷ জম্বু- কাশ্মীৰৰ আৰক্ষীৰ সুত্ৰ এটাই জানিব দিয়া মতে অমৰনাথ যাত্ৰাৰ দায়িত্ব সম্পাদন কৰি নিজৰ শিৱিৰ অভিমুখে আহি অভিশপ্ত জোৱান ভৰ্তি বাছখন ৷

বাছখনৰ ব্ৰেক ফেইল হোৱাৰ বাবে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে ৷আনহাতে দুৰ্ঘটনাটোত থিতাতে নিহত হয় ছজনকৈ জোৱানৰ বিপৰীতে আহত ৩৩জোৱানক বাছ খনৰ পিছে পিছে আহি থকা আন এখন বাছৰ আইটি বিপি জোৱানে লগে লগে নামি উদ্ধাৰ কৰি আটাইকে প্ৰেৰণ কৰে শ্ৰীনগৰৰ আৰ্মী হাস্পতাললৈ ৷

Exit mobile version