নগাঁৱৰ ৰূপহীহাটত উদ্ধাৰ গ্ৰেনেড আৰু পিষ্টল

IMG 20220818 WA0008

এক ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰে ৰূপহী অঞ্চল ৷ দলং তলত উদ্ধাৰ গ্ৰেনেড আৰু পিষ্টল ৷ ৰূপহীৰ নতুন থানাৰ কিছু নিলগৰ সোনাই দলংৰ তলত আজি দুপৰীয়া আব্দুল ফাৰুক নামৰ কিশোৰ এজনে প্লাষ্টিকৰ বটল বুটলিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে এটা গ্ৰেনেড আৰু পিষ্টল ৷

মাৰাণাস্ত্ৰ খিনি দেখি কিংকৰ্তব্যবিমূঢ় হৈ পৰে কিশোৰজন ৷ পিচত স্থানীয় লোকৰ সহযোগত ৰূপহীহাট থানাত জমা দিয়ে গ্ৰেনেড আৰু পিষ্টল ৷ দলঙৰ তলত কোনে কি উদ্দেশ্যৰে এই মাৰাণাস্ত্ৰ আনি থৈছিল৷এই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version