দিল্লীৰ উপমুখ্যমন্ত্রীৰ বাসগৃহত তালাচী চিবিআই-ৰ

19sisodia1

দিল্লীৰ উপমুখ্যমন্ত্রী মণীশ ছিছ’ডিয়াৰ (Manish Sisodia) বাসগৃহত তালাচী অভিযান চলায় চিবিআই (CBI)য়ে । শুকুৰবাৰে পুৱা ৰাজধানী দিল্লী আৰু সংলগ্ন অঞ্চলৰ ২০টা স্থানত তালাচী চলাইছে কেন্দ্রীয় তদন্তকাৰী সংস্থাই । ইয়াৰ ভিতৰত অন্যতম ছিছ’ডিয়াৰ বাসগৃহ । তথ্য অনুসৰি, দিল্লী আবকাৰী নীতিত অনিয়মৰ অভিযোগত আৰম্ভ হোৱা তদন্তৰ বাবে এই তালাচী ।

মণীশ ছিছ’ডিয়াই টুইটাৰত লিখে, ‘চিবিআই আহিছে । তেওঁলোকক স্বাগত । ম‌ই অত্যন্ত সৎ । লক্ষাধিক শিশুৰ ভৱিষ্যৎ গঢ়িছো । এইটো অত্যন্ত দুর্ভাগ্যজনক যে, যিয়ে ভাল কাম কৰে তেওঁলোককেই এইদৰে বিৰক্ত কৰা হয় । সেয়ে আমাৰ দেশে এক নম্বৰ হ’ব পৰা নাই ।’

চিবিআইক স্বাগত জনাইছে দিল্লীৰ মুখ্যমন্ত্রী আৰু আপৰ প্ৰধান অৰবিন্দ কেজৰিৱালেও । তেওঁ টুইটাৰত লিখে, ‘যিদিনাখন আমেৰিকাৰ সৰ্ববৃহৎ সংবাদপত্র ‘নিউইয়র্ক টাইমছ’ত দিল্লীৰ শিক্ষা মডেলৰ প্রশংসা আৰু মণীশ ছিছ’ডিয়াৰ ছবি প্রকাশিত হ’ল, সেইদিনাই মণীশৰ বাসগৃহত চিবিআই প্ৰেৰণ কৰা হ’ল । চিবিআইক স্বাগত । সম্পূর্ণ সহযোগিতা কৰা হ’ব । ইয়াৰ আগতেও বহু তদন্ত/ তালাচী হৈছে । একো পোৱা নাই । এইবাৰো একো নাপায় ।’

প্রসংগত, বিগত বছৰৰ নৱেম্বৰত কাৰ্যকৰ কৰা দিল্লী আবকাৰী নীতি প্রণয়ন আৰু কার্যকৰ কৰাৰ ক্ষেত্রত অনিয়মৰ অভিযোগ তুলিছে বিৰোধী পক্ষ‌ই । এই অভিযোগৰ ভিত্তিতেই চিবিআই-য়ে এফআইআৰ দাখিল কৰিছে । তদন্ত আৰম্ভ হোৱাৰ পাছতেই এইবাৰ বিভিন্ন স্থানত তালাচী অভিযান আৰম্ভ কৰিছে কেন্দ্রীয় তদন্তকাৰী সংস্থা‌ই ।

Exit mobile version