শিক্ষা বিভাগত ধনৰ অভাৱ, অনুদান বিচাৰি বিধায়কলৈ শিক্ষা মন্ত্ৰীৰ পত্ৰ

Ranoj Pegu

চৰকাৰী শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবা কোটি টকাৰ আঁচনি কৰি থকাৰ মাজতে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ এখন পত্ৰই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ আনকি পত্ৰ খন সামাজিক মাধ্যমক ভাইৰেল হোৱাৰ পিছতে ব্যাপক টল হোৱা দেখা গৈছে ৷ শিক্ষামন্ত্ৰী গৰাকীয়ে ১১ আগষ্টত ৰাজ্যৰ বিধায়কসকললৈ দিয়া পত্ৰখনত উল্লেখ আছিল ‘সমষ্টিৰ বিদ্যালয়সমূহলৈ অনুদান প্ৰদানৰ বাবে অনুৰোধ’।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে চিঠিখনত লিখিছে- ‘মহোদয়, নমস্কাৰ গ্ৰহণ কৰিব।আপুনি নিশ্চয় জ্ঞাত যে আপোনাৰ সমষ্টিত কিছুমান বিদ্যালয় পর্যাপ্ত সুবিধা যেনে- বৈদ্যুতিক পাংখা, চকী-মেজ, খোৱা পানী ফিল্টাৰ ইত্যাদি অবিহনে চলি আছে।এখন বিদ্যালয়ত এই সুবিধাসমূহ থকাটো শিক্ষণ-শিকন পৰিৱেশৰ বাৰে অতিকৈ জৰুৰী।যদিও চৰকাৰে এই সুবিধাসমূহ প্ৰদানৰ ব্যৱস্থা কৰি আহিছে, এই প্রয়োজনসমূহ পূৰণ কৰিবলৈ বৰ্তমান পর্যাপ্ত পৰিমাণৰ পুঁজিৰ অভাৱ।এই অভাৱসমূহ পূৰণ কৰিবলৈ দীর্ঘকালীন সময়ৰ প্ৰয়োজন হ’ব।ভাৰতৰ মাননীয় প্রধানমন্ত্রী মহোদয়ে “বিদ্যাঞ্জলী২.০” নামেৰে এখন বিশেষ আঁচনি মুকলি কৰিছে। বিদ্যালয়ৰ মানদণ্ড উন্নীত কৰাৰ লক্ষ্যৰে স্বেচ্ছাই যিকোনো ব্যক্তি, অৱসৰপ্ৰাপ্ত বিষয়া, ব্যৱসায়ী, যুবসমাজ, সামাজিক তথা ব্যক্তিগত খণ্ড আদিয়ে বিদ্যালয় এখনক সহযোগিতা আগবঢ়োৱাটো হৈছে এই আঁচনিৰ মূল উদ্দেশ্য।

এই ক্ষেত্ৰত http://vidyanjali.education.gov.in/en পোৰ্টেলত পঞ্জীয়নৰ জৰিয়তে অনুদান তথা সেৱাসমূহ উক্ত অনুষ্ঠান তথা ব্যক্তিসকলে আগবঢ়াব পাৰিব।সেয়েহে মই অনুৰোধ জনাও যে, আপোনাৰ সমষ্টিৰ আপোনাৰ পৰিচিত দাতা আৰু পৃষ্ঠপোষকসকলক মেজ, চকী, বৈদ্যুতিক পাংখা, খোৱা পানী ফিল্টাৰ তথা অন্যান্য সা-সুবিধা বিদ্যালয়সমূহক প্ৰদান কৰিবলৈ অনুপ্ৰাণিত কৰে যেন।এই সুবিধাসমূহ বিদ্যালয়লৈ প্ৰত্যক্ষভাবে নতুবা “বিদ্যাঞ্জলী ২০” ৰ জৰিয়তে প্ৰদান কৰিব পাৰিব।এই ক্ষেত্ৰত আপোনাৰ পৰা এটি ইতিবাচক সঁহাৰি কামনা কৰিলো ।

উল্লেখ্য যে ৰাজ্য চৰকাৰ বিত্তীয় সংকটত ভোগা বুলি বিৰোধী দল সমুহে সোচ্ছাৰ হৈ থকাৰ বিপৰীতে চৰকাৰে কোনো সংকট হোৱা নাই বুলি নিজৰ স্থিতি স্পষ্ট কৰিছিল ৷ কিন্ত শেহতীয়াকৈ শিক্ষা মন্ত্ৰীয়ে বিদ্যালয়ৰ বাবে অনুদান বিছাৰি বিধায়কলৈ প্ৰেৰণ কৰা পত্ৰই চৰকাৰৰ বিত্তীয় সংকটৰ প্ৰকৃত ছবিখন ওলাই পৰে ৷

আনহাতে, ছ’চিয়েল মিডিয়াত বিৰূপ প্ৰতিক্ৰিয়াৰ পিছতে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এক সংবাদমেলৰ জৰিয়তে স্পষ্টীকৰণ দাঙি কয়, ‘‘বিদ্যাঞ্জলী পৰ্টেল সন্দৰ্ভত দিয়া হৈছে চিঠি । ইয়াকে লৈ ধনৰ অভাৱ বা বিত্তীয় সংকট হোৱাটো অসত্য।কিন্তু মোৰ পত্ৰখনক লৈ একাংশই ভুল ব্যাখ্যা দাঙি ধৰিছে। বিদ্যাঞ্জলী পৰ্টেলৰ অন্তভুৰ্ক্ত বিদ্যালয়সমুহ অৰ্ধ-চৰকাৰী। এনে বিদ্যালয়ৰ বাবেহে সাহায্য বিচৰা হৈছে এনে বিদ্যালয়ত শিক্ষাদান কৰিবলৈ বহু শিক্ষকে স্বইচ্ছাই আগবাঢ়ি আহিছে।তদুপৰি বিদ্যাঞ্জলী পৰ্টেল কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ৷ এই মাধ্যমৰ জৰিয়তে ৰাইজক সংশ্লিষ্ট শিক্ষানুষ্ঠানৰে জড়িত কৰা হৈছে ৷ কিন্ত একাংশ বিৰোধী বিধায়কে বিত্তীয় নাটনি হোৱাৰ বাবে ধন বিচৰা হৈছে বুলি কৰা মন্তব্য অবাস্তৱ- অবান্তৰ কথা৷কোনো লোকে স্বইচ্ছাৰে এনে শিক্ষানুষ্ঠানলৈ সহায়ৰ বাবে আগবাঢ়ি আহিলে আমি সহাৰী জনোৱাট জনোৱাটো ক’ত ভূল ৷’

Exit mobile version