নাৰায়ণপুৰত খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত দুই সকামৰ প্ৰসাদ খাই অসুস্থ লোকসকল

img 20170312 222424 962

লখিমপুৰ জিলাৰ নাৰায়ণপুৰত সংঘটিত হৈছে খাদ্যত বিষক্ৰিয়াৰ ঘটনা ৷ বিষক্ৰিয়াৰ ফলত অসুস্থ হৈ পৰিছে প্ৰায় দুই শতাধিক ৷ আটাইকে ভৰ্তি কৰা হৈছে নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়ত ৷
সকামৰ প্ৰসাদ গ্ৰহণ কৰি পাণবাৰী অঞ্চলৰ প্ৰায় ডেৰ শতাধিক লোক আক্ৰান্ত হৈছিল বিষক্ৰিয়াত ৷ বুধবাৰৰ আক্ৰান্ত হোৱা লোকসকলৰ বমি, পেটৰ উপসৰ্গ, মূৰৰ বিষ, আৰু সঘনাই শৌচ হোৱা আদি বেমাৰত আক্ৰান্ত হয় ডেৰশতাধিক লোক ৷ আক্ৰান্ত সকলোকে বৃহস্পতিবাৰে নিশাই নাৰায়ণপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ ইতিমধ্যে সুস্থ হৈ উঠা সকল নিজ গৃহলৈ উভতি গৈছে যদিও গুৰুতৰভাৱে অসুস্থ কেইজনমানক লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য আজি পুনৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈছে ৫০ জন আক্ৰান্তই ৷ আনহাতে চিকিৎসাধীন লোকসকলে উপযুক্ত চিকিৎসা নোপোৱাৰ অভিযোগ উদ্থাপিত হৈছে৷কিন্ত এই অভিযোগ নাকচ কৰিছে নাৰায়ণপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় কতৃৰ্পক্ষই ৷ আজি পৰ্যন্ত চিকিৎসালয়ত প্ৰায় অৰ্ধশতাধিক ৰোগীৰ চিকিৎসা যুদ্ধকালীন গতিত অব্যাহত ৰাখিছে বুলি জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই ৷

Exit mobile version