Manish Sisodia : মূর্খৰ দল বিজেপি-য়ে সমগ্ৰ দেশক অশিক্ষিত কৰি ৰাখিব বিচাৰে : মণীশ ছিছৌডিয়া

Manish Sisodia AAP 1661146125972 1661146126220 1661146126220

বিজেপিশাসিত কেন্দ্রীয় চৰকাৰক লক্ষ্য কৰি তীব্র কটাক্ষ দিল্লীৰ উপমু্খ্যমন্ত্রী মণীশ ছিছৌডিয়াৰ । দিল্লীৰ লেফটেনেন্ট গভর্নৰ ভিকে ছক্সেনাই সম্প্রতি মুখ্যসচিবক পত্ৰ দি জানিব বিচাৰিছে, দুবছৰ পূৰ্বে জমা দিয়া ‘চেন্ট্রেল ভিজিলেন্স কমিছন’ (চিভিচি)ৰ চৰকাৰী স্কুল সংক্রান্ত প্ৰতিবেদন সন্দৰ্ভত কিয় চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্রহণত বিলম্ব ? সেই পৰিপ্রেক্ষিততেই এইবাৰ বিজেপি চৰকাৰক লক্ষ্য কৰিলে দিল্লীৰ উপমুখ্যমন্ত্রী তথা শিক্ষামন্ত্রী ছিছৌডিয়াই ।

শনিবাৰে, দলৰ তৰফৰ পৰা সাংবাদিক বৈঠকত মিলিত হৈ বিজেপিক কটাক্ষ কৰে ছিছৌডিয়াই । দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহ অন্যান্য বহু বেচৰকাৰী বিদ্যালয়ৰ তুলনাত আগবঢ়া । ইয়াৰ পাছতেই কটাক্ষ কৰি তেওঁ কয়, ‘‘বিজেপি এটা মূর্খৰ দল । তেওঁলোকে সমগ্ৰ দেশকে অশিক্ষিত কৰি ৰাখিব বিচাৰে । তেওঁলোকে যি ৰাজ্যত ক্ষমতাত আহে, তাত একাধিক চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়ে । তেওঁলোকে আগতে তদন্ত কৰা উচিত, বিজেপিশাসিত ৰাজ্যত কিয় ইমানবোৰ চৰকাৰী বিদ্যালয় বন্ধ হৈ গ’ল !”

ছিছৌডিয়াৰ দাবী, আবকাৰী নীতি সন্দৰ্ভত আপ চৰকাৰক আক্ৰমণ কৰাৰ পথ বিচাৰি নাপাই এতিয়া বিজেপি চৰকাৰী বিদ্যালয়ৰ পিছত পৰিছে । প্রসংগত, দিল্লী চৰকাৰৰ নতুন শুল্ক নীতিৰ ফলত হোৱা দুর্নীতিৰ অভিযোগৰ তদন্ততেই কিছুদিন পূৰ্বে ছিছৌডিয়াৰ বাসভৱনত মাৰাথান তালাচী চলায় চিবিআই-য়ে ।

আপৰ অভিযোগ আছিল, দিল্লীতো মহাৰাষ্ট্রৰ আদলে সরকার ফেলার পরিকল্পনা করছে বিজেপি। ইয়াৰ বাবে ৮০০ কোটি টকাৰে আপৰ প্ৰায় ৪০ জন বিধায়কক কিনিব বিচাৰিছে ‘মোদী-শ্বাহৰ দল’এ । ছিছৌডিয়াই অভিযোগ কৰে, তেওঁ আপ এৰি বিজেপিত যোগ দিলেই তেওঁক মুখ্যমন্ত্রীৰ পদ দিয়াৰ প্রস্তাৱ দিয়া হৈছে । তেওঁ এইটোও প্রস্তাৱ পাইছে, কোৱা হৈছে, তদন্তও বন্ধ হৈ যাব । যদিও বিজেপি-য়ে আপৰ অভিযোগত গুৰুত্ব আৰোপ কৰা নাই ।

শুকুৰবাৰে দিল্লীৰ লেফটেনেন্ট গভর্নৰে মুখ্যসচিবক পত্ৰ প্ৰেৰণ কৰি চৰকাৰী বিদ্যালয়ত অতিৰিক্ত গৃহ নিৰ্মাণক লৈ হোৱা অনিয়ম সংক্রান্ত চিভিচিৰ ২০২০-ৰ প্ৰতিবেদন সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰা হ’ল, জানিব বিচাৰিছে । আপৰ দাবী, ধন ব্যয় কৰি চৰকাৰ পেলাব নোৱাৰি এইবাৰ আপ চৰকাৰৰ শিক্ষা মডেলক ধ্বংস কৰিব বিচাৰিছে বিজেপি-য়ে ।

Exit mobile version