Kaliabor কলিয়াবৰৰ বানেশ্বৰত আজি সংঘটিত হৈছে এক দুৰ্ঘটনা । ব্ৰহ্মপুত্ৰৰ বুকুত মৃত্যু হৈছে এজন বনকৰ্মীৰ । মফি আলি নামৰ এই বনকৰ্মীজন ব্ৰহ্মপুত্ৰ নদীত কৰ্তব্যৰত অৱস্থাত ডুবি মৃত্যু হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বানেশ্বৰ বন শিবিৰত কৰ্মৰত এই বনকৰ্মীজনৰ ঘৰ কলিয়াবৰৰ বৰদলঙত । বন বিভাগৰ এখন নাও ব্ৰহ্মপুত্ৰত নিখোজ হোৱাত নাও খন বিচাৰি পানীত নামিছিল বনকৰ্মীজন। তাতে তেওঁৰ সলিল সমাধি ঘটে। পিছত বন বিভাগ আৰু জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে । আনহাতে ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
kazirangaকৰ্তব্যৰত অৱস্থাত মহাবাহুৰ বুকুত সলিল সমাধি ঘটিল কাজিৰঙাৰ বনকৰ্মীৰ
-
By publisher

- Categories: Assam, India, News
- Tags: forest staff of kaziranga was buriedin the chest of brahmaputra.
Related Content
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
By
publisher
April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
By
publisher
April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
By
publisher
April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026