15NO.NH১৫ নং ৰাষ্ট্ৰীয় জৰাজীৰ্ণ পথ শ্ৰমদান ধেমাজি ছাত্র সন্থা# নিলিপ্ত চৰকাৰ-প্ৰশাসন

WhatsApp Image 2022 09 07 at 18.14.29

GOVT. চৰকাৰ প্ৰশাসনলৈ বাট নাচায় হাতে-কামে শ্ৰমদান কৰিবলৈ ওলাই আহিল ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাই । ধেমাজি নগৰৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ পথটি মেৰামতি কৰিলে ছাত্ৰ সন্থাই। উল্লেখ্য, ৰাষ্টীয় ঘাইপথ ধেমাজি নগৰত এতিয়া হৈ পৰিছে পুখুৰীৰ দৰে। ঘাইপথটোত আগুৰি ধৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। ইফালে জৰাজীৰ্ণ  ঘাইপথৰ কাষতে আছে ধেমাজি জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, জলসম্পদ বিভাগ, গড়কাপ্তানি বিভাগৰ(গ্ৰাম্য), যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়। সকলো চৰকাৰী কৰ্মচাৰী, ছাত্র-ছাত্রী, ৰোগী, জেষ্ঠ নাগৰিক তথা সৰ্বসাধাৰণ ৰাইজে সেই পথেৰে অহা যোৱা কৰি ত্রাহি মধুসূদন সোধাইছে ।

জিলাখনৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু, জোনাই বিধায়ক ভূৱন পেগু, সাংসদ প্ৰদান বৰুৱা, অভিভাৱক মন্ত্রী সঞ্জয় কিষাণকে ধৰি বিভিন্ন মন্ত্রী-সাংসদ, চৰকাৰী উচ্চপদস্থ বিষয়াই সেইফালেদিয়ে অহা যোৱা কৰে যদিও আজিলৈকে কোনোৱে ৰাষ্ট্ৰীয় ঘাইপথটোৰ মেৰামতি কৰাৰ ব্যৱস্থা কৰিব নোৱাৰিলে । সম্পূৰ্ণ মেৰামতি কৰাৰ দূৰৰ কথা নেতা, মন্ত্রী, সাংসদে স্থানীয় গড়কাপ্তানি বিভাগক কৈ গাঁত কেইটাও সুচল ব্যৱস্থা কৰিব নোৱাৰিলে । এইক্ষেত্ৰত আজি পুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক মন্টুৰাজ বৰুৱা , সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মা, ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি কৰুণজ্যোতি চেতিয়া, সাধাৰণ সম্পাদক ৰন্টু গগৈৰ ,ধেমাজি মহকুমা ছাত্র সন্থাৰ উপ-সভাপতি পুলকিত দত্ত , মহকুমা ছাত্র সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক দিপাংকৰ কলিতা নেতৃত্বত ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ শতাধিক কৰ্মীয়ে হাতে হাতে কোৰ, বেলচা লৈ ছেণ্ড গ্ৰেভেলেৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ প্ৰকাণ্ড গাঁতবোৰ সুচল কৰাত নামি পৰে।

আঞ্চলিক ছাত্র সন্থাৰ সভাপতি-সম্পাদকে কয় যে ছাত্র সন্থাই বাৰে বাৰে বিধস্ত হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণৰ বাবে দাবী জনাই আহিছে যদিও অসম চৰকাৰৰ দেউলীয়া অৱস্থা, মন্ত্ৰী-সাংসদ বিধায়কৰ কতৃত্বহীনতা তথা জিলা প্ৰশাসনৰ দুৰ্বল স্থিতিৰ বাবে সেইয়া হৈ উঠা নাই । ধেমাজি আঞ্চলিক ছাত্র সন্থাই যোৱা ১১ জুলাইতে জিলা উপায়ুক্তক পথটো মেৰামতি কৰিবলৈ স্মাৰক পত্র প্ৰেৰণ কৰাৰ পাছত জিলা উপাযুক্তই ডিব্ৰুগড়ত থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কাৰ্যবাহী অভিযন্ত্রালৈ ২৬ জুলাই ২০২২ তাৰিখে চিঠি নং ডিডি/ডিচিপি.২০৫/পিডব্লিউডি/২০২১-২২/পিটি-আই/৫ জৰিয়তে তাৎক্ষণিক ভাৱে মেৰামতি কৰিবলৈ দাবী জনাইছিল যদিও ধেমাজি জিলা উপায়ুক্তৰ কথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ডিব্ৰুগড়ৰ বিষয়াই কোনো গুৰুত্বই নিদিলে ।প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আহিলে ৰাতিটোৰ ভিতৰতে ৰাস্তা বনাব পৰা গডকাপ্তানি বিভাগে কিয় এতিয়া সামান্য গাঁত কেইটাকে পুতিব নোৱাৰিলে বুলি প্ৰশ্ন কৰে।  কাৰ্যসূচীৰ জৰিয়তে ছাত্র সন্থাই অনতিপলমে ঘাইপথটো পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনায় অন্যথা পথ অৱৰোধৰ দৰে কাৰ্যসূচী লবলৈ বাধ্য হলে এইক্ষেত্রত চৰকাৰ আৰু জিলা প্ৰশাসনে জগৰীয়া হব বুলি সকীয়াই দিয়ে।

Exit mobile version