তিনি দিন ধৰি দেশজুৰি ক’ভিড সংক্রমণৰ লেখচিত্র ক্রমশ ঊর্ধ্বমুখী । বিগত ২৪ ঘণ্টাত দেশত কৰ’নাত দৈনিক আক্রান্তৰ সংখ্যা বাঢ়ি ছয় হেজাৰ হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা ৬,৩৯৫ । বুধবাৰে এই সংখ্যা আছিল ৫,৩৭৯ । ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ শীর্ষত এতিয়াও কেৰালা । যোৱা ২৪ ঘণ্টাত কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ১,৬৮৭ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (১,০৯৪), কর্নাটক (৬০৬), তামিলনাডু (৪৪৫) ও ওড়িছা (৩২৮) ।
পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ সামান্য বাঢ়ি হ’ল ১.৯৬ শতাংশ । বুধবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ১.৬৭ শতাংশ ।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ৬,৬১৪ জন লোক সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৯ লাখ ২০৪ জন । বর্তমানে সুস্থতাৰ হাৰ ৯৮.৭০ শতাংশ ।