MYANMAR ROHINGYAঅসমৰ আশ্ৰয় গৃহত ৰোহিংগিয়া কিশোৰী,পৰিয়ালক সাক্ষাৎৰ অপেক্ষাত তিনিবছৰ

WhatsApp Image 2022 09 08 at 20.48.34

MYANMAR ROHINGYA চুবুৰীয়া দেশ ম্যানমাৰৰ এগৰাকী ১৫ বছৰীয়া কিশোৰী বৰ্তমান অসমৰ এটা আশ্ৰয় গৃহত লৈ আছে আশ্ৰয় ৷ তিনিবছৰ ধৰি আশ্ৰয় লৈ থকা ১৫ বছৰীয়া কিশোৰীৰ ভাগ্য এতিয়া নিৰ্ণয় কৰিব কেন্দ্ৰীয় চৰকাৰে। কিশোৰী গৰাকী ২০১৯ বৰ্ষত কাছাৰৰ বাংলাদেশ সীমান্তত মানৱ সৰবৰাহকাৰীৰ কবলত পৰিছিল কিন্ত আৰক্ষীৰ তৎপৰতাত ৰক্ষা পৰে ৷

অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে ম্যানমাৰৰ পৰা পলায়ন কৰে আৰু তাৰ পিছত তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ পৰা পৃথক হয় ৷ পৰিয়ালৰ লোকসকল বাংলাদেশৰ কক্সবজাৰৰ শৰণাৰ্থী শিবিৰত আশ্ৰয় লোৱা বুলি বুলি নিশ্চিত কৰে কিশোৰী গৰাকীয়ে ৷ শেহতীয়াকৈ কিশোৰীজনীক বিতাৰণৰ বাবে অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ বাবে এক প্ৰত্যাহ্বান বিষ হৈ পৰিছে ৷
উচ্চতম ন্যায়ালয়ে চুবুৰীয়া দেশত নাবালকগৰাকীক তাইৰ পিতৃ-মাতৃৰ সৈতে একত্ৰিত কৰাৰ বাবে এটা বেচৰকাৰী সংগঠনৰ আবেদনৰ শুনানিৰ ৰায়দান কৰি কিশোৰী গৰাকীক সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ৷ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ আব্দুল নাজিৰ আৰু ভি ৰামাসুব্ৰমনিয়ামৰ বিচাৰপীঠে পৰিস্থিতিটো অতি জটিল বুলি অভিহিত কৰি কয়, ম্যানমাৰত যুদ্ধবিধ্বস্ত পৰিস্থিতিৰ বাবে তেওঁক নিজৰ দেশলৈ প্ৰেৰণ কৰিব নোৱাৰি আৰু ছোৱালীজনীক সীমান্তত এৰি দিয়াটোও উচিত নহ’ব। আদালতে বেচৰকাৰী সন্থা গ্ল’বেল পিচ ইনিশিয়েটিভৰ দ্বাৰা দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি কিশোৰী গৰাকীৰ অভিভাৱকসকলৰ সন্ধান উলিয়াই সহায়ৰ বাবে নিৰ্দেশ দিয়ে ।

ইয়াৰ পূৰ্বে, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক কিশোৰী গৰাকীক ম্যানমাৰলৈ পঠোৱাৰ সলনি বাংলাদেশৰ কক্সবজাৰৰ ৰোহিংগিয়া শৰণাৰ্থী শিবিৰত বাস কৰা মাক-দেউতাকৰ ওচৰলৈ যোৱাৰ অনুমতি দিবলৈ আহ্বান জনাইছিল । শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰক পদক্ষেপ লোৱাৰ ক্ষেত্ৰত কিশোৰী গৰাকীৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ স্পষ্ট নিদৰ্শনা দিয়ে ৷

Exit mobile version