দিল্লীত শোকাৱহ ঘটনা

DELHI SEEMAPUR ACCIDENT : ডিভাইডাৰত শুই থকা ৪ ব্যক্তিক মহতিয়াই নিয়ে ট্ৰাকে

WhatsApp Image 2022 09 21 at 15.26.28

DELHI SEEMAPUR ACCIDENT : দেশৰ ৰাজধানী দিল্লীৰ সীমাপুৰীত আজি পুৱতি নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাতে থিতাতে নিহত চাৰিজনকৈ ডিভাইডাৰত আবাসী ৷ মাজ নিশা প্ৰায় ১.৫১ মান বজাত ৰাজধানী চহৰখনৰ সীমাপুৰী ডিটিচি ডিপোৰ ৰেডলাইটৰ পথেৰে দ্ৰুতগতিত গৈ থকা ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত শুই থকা কেইবাজনো লোকক মহতিয়াই নিয়ে ৷ ফলত ঘটনাস্থলীতে শোকাৱহ মৃত্যুক সাবটি লয় চাৰিজনকৈ লোক ৷

দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ট্ৰাক চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আন আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে মৃত্যু হোৱা চাৰিজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় চিকিৎসালয়ৈ প্ৰেৰণ কৰে৷ আনহাতে দুৰ্ঘটনাস্থলীত থকা চিচিটিভি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰি ট্ৰাক চালকৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে সন্দেহ কৰা মতে ট্ৰাক চালকজন সুৰামত্ত অৱস্থাত আছিল ৷

Exit mobile version