বিজেপিয়ে পাঁচ ৰাজ্যৰ নিৰ্বাচনত খৰচ কৰিলে ৩৪৪ কোটি টকা

২০১৭ৰ নিৰ্বাচনতকৈ ৫৮ শতাংশ অধিক খৰচ

WhatsApp Image 2022 09 22 at 15.47.44

দেশৰ ৰাজনৈতিক দল সমূহৰ ভিতৰত অধিক ধনৱান বিজেপিয়ে এই বছৰ অনুষ্ঠিত হৈ যোৱা উত্তৰ প্ৰদেশ, পঞ্জাৱ, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডত নিৰ্বাচনৰ বাবে দলীয়ভাৱে ব্যয় কৰে প্ৰায় ৩৪৪.২৭ কোটি টকাৰ অধিক ৷ যিটো পাঁচ বছৰ পূৰ্বে দলটোৱে এই ৰাজ্যসমূহত নিৰ্বাচনী ব্যয় কৰিছিল ২১৮.২৬ কোটি টকা ৷ পূৰ্বৰ তুলনাত এইবাৰৰ খৰচ ৫৮ শতাংশ অধিক ৷ দেশৰ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা নিৰ্বাচনী ব্যয়ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পায় ৷ নিৰ্বাচন আয়োগৰ হাতত পৰা দল সমূহৰ নিৰ্বাচনী ব্যয় অনুসৰি কংগ্ৰেছে এই পাঁচখন ৰাজ্যত ইয়াৰ নিৰ্বাচনী ব্যয় বৃদ্ধি কৰি ২০২২ত ১৯৪.৮০ কোটি টকা ৷আনহাতে ২০১৭ চনত ব্যয় কৰা ১০৮.১৪ কোটি টকাৰ তুলনাত ৮০ শতাংশতকৈ অধিক।

বিজেপিয়ে পাঁচখন ৰাজ্যৰ নিৰ্বাচনত সৰ্বাধিক পৰিমাণৰ ২২১.৩২ কোটি ব্যয় কৰে উত্তৰ প্ৰদেশত ৷ য’ত দলটোৱে সংখ্যাগৰিষ্ঠতা পূৰ্বতৈ হ্ৰাস পাই ক্ষমতালৈ ঘূৰি আহিছিল ৷ ২০২২ৰ নিৰ্বাচনৰ সময়ত উত্তৰ প্ৰদেশত ইয়াৰ নিৰ্বাচনী ব্যয় ২০১৭ চনৰ ১৭৫.১০ কোটি টকাৰ সংখ্যাতকৈ ২৬ শতাংশতকৈ অধিক আছিল ।

অৱশ্যে ২০২২ত বিজেপিয়ে পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত ৩৬.৭০ কোটি টকা ব্যয় কৰিছিল৷ইয়াৰ বিপৰীতে ২০১৭ ত চনৰ বিধানসভা নিৰ্বাচনত ইয়াৰ ব্যয়ৰ প্ৰায় পাঁচগুণ । কিন্তু দলটোৱে মাত্ৰ দুখন আসন জিকিবলৈ সক্ষম হয় ।

আনহাতে গোৱাত দলটোৱে এই বছৰৰ নিৰ্বাচনত ১৯.০৭ কোটি টকা ব্যয় কৰিছিল ৷ ২০১৭ চনৰ ইয়াৰ ব্যয়তকৈ চাৰিগুণ অধিক। একেদৰঃ মণিপুৰ আৰু উত্তৰাখণ্ডৰ ২০২২ চনৰ বিধানসভা নিৰ্বাচনত দলটোৰ নিৰ্বাচনী ব্যয় আছিল ২৩.৫২ কোটি টকা (২০১৭ চনত ৭.৮৬ কোটি টকা) আৰু ৪৩.৬৭ কোটি টকা (২০১৭ চনত ২৩.৪৮ কোটি টকা)।

উল্লেখ্য যে পাঁচখন ৰাজ্যত বিজেপিয়ে মুঠ নিৰ্বাচনী ব্যয়ৰ ভিতৰত আছিল ষ্টাৰ কেম্পেনাৰ ভ্ৰমণ, ৰাজহুৱা সভা, শোভাযাত্ৰা আৰু প্ৰচাৰাভিযান । দলটোৱে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ভাৰ্চুৱেল প্ৰচাৰত পখৰচ কৰিছিল ১২ কোটি টকা ।

মনকৰিবলগীয়া যে বিজেপিয়ে ইয়াৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, মণিপুৰ আৰু গোৱাত ইয়াৰ ৰাজ্যিক গোটসমূহে ২০২২ৰ ৮ জানুৱাৰীত বিধানসভা নিৰ্বাচনৰ দিনাংক ঘোষণাৰ পৰা ২২ মাৰ্চৰ নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ ৬৩ দিনৰ ভিতৰত দলটোৱে বিভিন্ন ব্যৱসায়ী মহল,শুভাকাংক্ষী আৰু গুণমুগ্ধৰ পৰা দান হিচাপে লাভ কৰিছিল ৯১৪ কোটি টকা ৷ একেদৰে কংগ্ৰেছ দলে পাইছিল ২৪০.১০ কোটি টকা৷ মুঠ প্ৰাপ্তিৰ প্ৰতিবেদন দাখিল কৰিছে নিৰ্বাচন আয়োগক । কংগ্ৰেছে “ছ’চিয়েল মিডিয়া প্লেটফৰ্ম/এপ আৰু অন্যান্য উপায়েৰে ভাৰ্চুৱেল প্ৰচাৰ”ত ব্যয় কৰে ১৫.৬৭ কোটি টকা ব্যয় । দলটোৱেএই সকলো তথ্যৰ প্ৰতিবেদন দাখিল কৰিছে নিৰ্বাচন আয়োগক ৷

স্মতৰ্ৱ্য যে নিৰ্বাচন আয়োগে নিৰ্দেশনা অনুসৰি লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ৰাজনৈতিক দলবোৰে নিৰ্বাচন ঘোষণাৰ তাৰিখৰ পৰা নিৰ্বাচন সম্পূৰ্ণ হোৱালৈকে নগদ ধন, চেক বা খচৰা প্ৰস্তুত কৰি ৰখাটো বাঞ্ছনীয় দলবোৰে বিধানসভা নিৰ্বাচনৰ ৭৫ দিন আৰু লোকসভা নিৰ্বাচনৰ ৯০ দিনৰ ভিতৰত তেওঁলোকৰ নিৰ্বাচনী ব্যয়ৰ প্ৰতিবেদন আয়োগৰ ওচৰত দাখিল কৰাটো বাধ্যতামূলক ।

Exit mobile version