COVID-19 : ক’ভিড আপডেট

1291904 covid test new pti

দেশত বিগত দুদিন কৰ’না আক্রান্তৰ সংখ্যা পাঁচ হেজাৰ ঘৰত থাকিলেও বিগত ২৪ ঘন্টাত পুনৰ চাৰি হজাৰ হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা ৪,৯১২ । শুকুৰবাৰে এই সংখ্যা আছিল ৫,৩৮৩ ।

ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ শীর্ষত এতিয়াও আছে কেৰালা । যোৱা ২৪ ঘণ্টাত কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ১,৮০৬ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (৬১১), তামিলনাডু (৫২৯), পশ্চিমবংগ (৩৬৪) আৰু কর্নাটক (৩১৯) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ১৯ জনৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত মহাৰাষ্ট্র, কর্নাটক, তামিলনাডু, ছত্তীছগঢ়, হাৰিয়ানা, ৰাজস্থান, গুজৰাটত দুজন আৰু পশ্চিমবংগ, দিল্লী, ওড়িছা, উত্তৰাখণ্ড আৰু ছিকিমত এজনকৈ ব্যক্তি ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।

ইয়াৰ উপৰি কৰ’নাত আক্রান্ত হৈ কেৰালাত ১৯ জন লোকৰ আগতে মৃত্যু হৈছিল যিটো তালিকাত পাছত নথিভুক্ত কৰা হৈছে । শুকুৰবাৰে এই সংখ্যা আছিল ১২ । দেশত এই পর্যন্ত পাঁচ লাখ ৩০ হেজাৰ ৮৪১ জন লোক ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।

পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাচ দেশৰ দৈনিক সংক্রমণৰ হাৰ সামান্য কমি হ’ল ১.৬২ শতাংশ । শুকুৰবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ১.৬৮ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণাল‌ৰ পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ৫,৭১৯ জন সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৯ লাখ ৯০ হেজাৰ ৪১৪ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৭১ শতাংশ ।

Exit mobile version