CONGRESS PRESIDENT ELECTION : কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ কুজকাৱাজ আৰম্ভ

মনোনয়নপত্ৰ সংগ্ৰহ শশী থাৰুৰ আৰু পৱন কুমাৰ বানচালৰ

WhatsApp Image 2022 09 27 at 16.40.08 1

CONGRESS PRESIDENT ELECTION : কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি কোন হ’ব এই বিষয় লৈ নতুন দিল্লীত ব্যাপক চৰ্চা লাভ কৰাৰ মাজতে আজি সভাপতি পদৰ বাবে মনোনয়নপত্ৰ সংগ্ৰহ কৰে জ্যেষ্ঠ কংগ্ৰছ নেতা শশী থাৰুৰ আৰু কংগ্ৰেছ কোষাধ্যক্ষ পৱন কুমাৰ বানচালে ৷ জানিব পৰা মতে থাৰুৱে মনোনয়নপত্ৰ দাখিল কৰিব ৩০ ছেপ্তেম্বৰত ৷ উল্লেখ্য যে কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকা ৮ অক্টোবৰৰ সন্ধিয়া ৫ বজাত প্ৰকাশ হ’ব । ১৭ অক্টোবৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । ভোট গণনা হ’ব ১৯ অক্টোবৰত আৰু একেদিনাই ঘোষণা হ’ব ফলাফল ।

কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী বিষয়া মধুসূদন মিস্ত্ৰীয়ে আজি নতুন দিল্লীত দলৰ সভাপতিৰ নিৰ্বাচনন সন্দৰ্ভত কয় যে এআইচিচিৰ কোষাধ্যক্ষ পৱন কুমাৰ বানচালে মনোনয়ন প্ৰপত্ৰ সংগ্ৰহ কৰিছে একেদৰে শশী থাৰুৰৰ এজন প্ৰতিনিধিয়ে ৷ আনহাতে আজি কেন্দ্ৰীয় নিৰ্বাচনী বিষয়া মধুসূদন মিস্ত্ৰীয়ে ১০ জনপথৰ বাসগৃহত দলৰ মুৰব্বী ছোনিয়া গান্ধীক সাক্ষাৎ কৰি তেওঁৰ ভোটাৰ পৰিচয় পত্ৰ প্ৰদান কৰে। মিস্ত্ৰীয়ে গান্ধীক এতিয়ালৈকে কিমান জন লোকে মনোনয়ন প্ৰপত্ৰ সংগ্ৰহ কৰিছে গই বিষয়ে অৱগত কৰে।

উল্লেখযোগ্য যে গান্ধী পৰিয়ালৰ অনুগত অন্যতম কংগ্ৰেছী তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট কংগ্ৰেছৰ সভাপতি হোৱাটো একপ্ৰকাৰ খাটাং থকা বুলি দিল্লীৰ কংগ্ৰেছ মহলত বিশেষ চৰ্চা লাভ কৰিছিল যদিও শেহতীয়াকৈ তেওঁৰ প্ৰতিদ্বন্দ্বী হিচাপে শশী থাৰুৰ আৰু পৱন কুমাৰ বানচালে মনোনয়নপত্ৰ সংগ্ৰহ কৰাৰ পিছত বিশেষ আকৰ্ষণীয় হৈ পৰিছে সভাপতি নিৰ্বাচন৷ গেহলটৰ সভাপতি পদত অধিস্থিত কৰাৰ বাবে গান্ধী পৰিয়ালৰ পূৰ্ণ সমৰ্থন আছে যদিও এই পদত অধিস্থিত হ’বলৈ গৈ সন্মুখীন হৈছে আন

এক সংকটৰ  ৷ ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব ইয়াকে লৈ জয়পুৰত ব্যাপক চৰ্চা লাভ কৰাৰ মাজতে গেহলটৰ অনুগত ৯১ জন কংগ্ৰেছী বিধায়কে বিধায়ক পদ ত্যাগ

কৰে ৷ উল্লেখ্য যে গেহলটৰ উত্তৰসুৰী হিচাপে শচীন পাইলত অধিস্থিত হ’ব বুলি ইতিমধ্যে বিশেষ চৰ্চা লাভ কৰাৰ পিছতে ক্ষোভিত হৈ উল্লিখত বিধায়ক সকলে পদত্যাগ কৰে ৷ তেওঁলোকৰ স্পষ্ট মত শচীন পাইলটক কোনো ক্ষেত্ৰতে মুখ্যমন্ত্ৰী হ’বলৈ নিদিয়ে তাৰ বিপৰীতে গেহলটৰ সোহাঁত স্বৰূপ জি এম যোশীক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিব ৷

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বতাহজাকে ৰাজস্থানৰ কংগ্ৰেছী মহলত চুই যোৱাৰ পিছতে অশোক গেহলটৰ বাবে এক অগ্নি পৰীক্ষা হৈ পৰিছে ৷ তেওঁ সভাপতি নিৰ্বাচনত অৱতীৰ্ণ হ’বনে নে মুখ্যমন্ত্ৰী পদতে থাকিব ৷ কাৰণ তেওঁ কোনো ক্ষেত্ৰতে শচীন পাইলটক মুখ্যমন্ত্ৰী পদ এৰি নিদিয়ে ৷ এনে বাদ বিসম্বাদৰ মাজতে অশোক গেহলটৰ সন্দৰ্ভত ছোনীয়া গান্ধীয়ে কি সিদ্ধান্ত লয় সেইয়া হ’ব লক্ষণীয় ৷ স্মতৰ্ৱ্য যে কংগ্ৰেছৰ সভাপতি হিচাপে ছোনীয়া – ৰাহুলৰ প্ৰথম প্ৰচন্দ অশোক গেহলট ৷

Exit mobile version