CM ORDER : পিএফ আইৰ বিৰুদ্ধে কঠোৰ স্থিতি মুখ্যমন্ত্ৰীৰ

পি এফ আই কাৰ্যালয় ছীল কৰাৰ নিৰ্দেশ

WhatsApp Image 2022 09 28 at 13.31.21

CM ORDER : কেন্দ্ৰীয় চৰকাৰে পি এফ আই সহ আঠটা ইছলামিক সংগঠনক নিষিদ্ধ ঘোষণা কৰা কাৰ্যক মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায় এই সন্দৰ্ভত
কয়, কা’আন্দোলনৰ সময়ত পি এফ আই আৰু চিএফ আইৰ ভূমিকা আছিল অতি ৰহস্যজনক ৷ একেদৰে দৰংৰ গৰুখুটি কাণ্ডতো এই সংগঠন কেইটাই আৰত থাকি সাৰপানী দিছিল ৷

আনহাতে কেন্দ্ৰই সংগঠন কেইটাক ঘোষণাৰ চৰকাৰী জাননী জাৰি কৰাৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই পিএফ আই আৰু চিএফ আইৰ সক্ৰিয় কেডাৰ আৰু নেতা-কৰ্মীক গ্ৰেপ্তাৰ নিৰ্দেশ দিয়াৰ লগতে কাৰ্যলয় সমূহ ছীল কৰাৰ নিৰ্দেশনা দিয় আৰক্ষীক ৷
মুখ্যমন্ত্ৰীৰ নিদেৰ্শ পোৱাৰ পিছতে আজি পুৱাৰ পৰা অসম আৰক্ষীয়ে পিএফ আই আৰু চিএফ আইৰ বিৰুদ্ধে মাৰাথন অভিযান আৰম্ভ কৰিছে ৷

Exit mobile version